নিউজ ডেস্ক , ১৩ জানুৱাৰী : পুনৰ আদালতত মুখ থেকেচা খালে দেৱলীয়া ব্য়ৱসায়ী বিজয় মালিয়াই । নিজৰ খৰচ-পাতি লগতে আইনী যুঁজৰ বাবে ধনৰ প্ৰয়োজনৰ বাবে মালিয়াই এক আবেদন কৰিছিল আদালতত । মালিয়াৰ উকীলে আদালতত জনোৱা মতে মালিয়াক আগলৈ আইনী যুঁজৰ বাবে টকাৰ বহুত বেছি প্ৰয়োজন লগতে তেওঁ কনচালটেঞ্চিৰ জৰিয়তে আশা কৰা ধনো বন্ধ কৰি থোৱা হৈছে । কিন্তু এই আবেদন প্ৰথম পৰ্যায়ত খাৰিজ কৰে লণ্ডনৰ দেৱলীয়া আৰু কোম্পানী আদালতে । প্ৰয়োজনী তথ্য় দিয়াত বিফল হোৱাত লণ্ডনৰ উচ্চ ন্য়ায়ালত ন্য়ায়াধীশে ধন মোকলাই দিয়াত বাধা আৰোপ কৰে । অৱশ্য়ে খাৰিজ কৰিলেও পৰৱৰ্তী আবেদনৰ বাবে প্ৰয়োজনীয় ধন মোকলাই দিয়াৰ অনুমতি দিলে ন্য়ায়াধীশ সেবেস্তিয়ান প্ৰেটিঙছে ।
বিজয় মালিয়াক ধন মোকলাই দিয়াত বাধা ইংলেণ্ড উচ্চ ন্য়ায়ালয়ৰ - দেৱলীয়া আৰু কোম্পানী আদালতে
আইনী যুজৰ বাবে ধনৰ প্ৰয়োজন বুলি উকীল ফিলিপ মাৰ্ছালে বিজয় মালিয়াৰ হৈ ধন বিচাৰি আবেদন কৰিছিল আদালতত । কিন্তু লণ্ডন উচ্চ ন্য়ায়ালয়ৰ দেৱলীয়া আৰু কোম্পানী আদালতে বিজয় মালিয়াক ধন মোকলাই দিয়াত বাধা আৰোপ কৰে ।

উল্লেখ যে বিভিন্ন ভাৰতীয় বেংকৰ ধাৰ পৰিশোধ কৰিব নোৱাৰা বিজয় মালিয়াৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু হৈ আছে আদালতত আনকি বিদেশত পলাই থকা ব্য়ৱসায়ীজনক ভাৰতক গতাই দিয়াৰো এক নিৰ্দেশনা জাৰি কৰা হৈছিল ২০১৮ চনত । ২০২০ চনত ইংলেণ্ডৰ আদালতেও বাহাল ৰাখিছিল এই নিৰ্দেশনাৰ । অৱশ্য়ে ইংলেণ্ডৰ গৃহ সচিব প্ৰীতি পেটেলে বিশেষ আইনী প্ৰযুক্তি ক্ষেত্ৰত বাধা দেখুৱাই মালিয়াক ভাৰতত হস্তান্তৰ কৰা বিষয়ত চহী কৰা প্ৰক্ৰিয়াত বাধা আৰোপ কৰিছে । তাৰ পিছতে দেখা গৈছে যে বিদেশত পলাই থকা দেৱলীয়া ব্য়ৱসায়ীজনে আইনী যুজৰ বাবে ধন মোকলাই দিয়াৰ বাবে বাৰে বাৰে কাষ চাপিছে আদালতৰ । অৱশ্য়ে তেওঁৰ খৰচ-পাতি আৰু আইনী যুজৰ বাবে ধনৰ আবেদন সন্দৰ্ভত পৰৱৰ্তী শুনানি অহা ২২ জানুৱাৰীত হোৱা পূৰ্ণ সম্ভাৱনা আছে ।
লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ মন্ত্ৰী ধনঞ্জয় মুণ্ডেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ