নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ:জীৱশ্ৰেষ্ঠৰ বৰ্বৰতা ৷ যোৱা 28 ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ উজ্জয়িনীত এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিশোৰীগৰাকীয়ে অৰ্ধনগ্ন অৱস্থাতে প্ৰায় ঘণ্টা ধৰি লোকৰ ঘৰে ঘৰে সহায় বিচাৰি গৈছিল যদিও আচৰিতভাৱে অসহায় কিশোৰীগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল ৷
শুকুৰবাৰে এই ঘটনাৰ শিহৰণকাৰী চিচিটিভি ফুটেজ পোহৰলৈ আহিছে ৷ কেমেৰাত বন্দী হৈছিল কিশোৰীগৰাকীয়ে কিদৰে ঘৰে ঘৰে গৈ সহায় ভিক্ষা খুজিছিল, কিন্তু সহানুভূতিৰ ভাষা নুবুজা এচাম মানুহে কিশোৰীগৰাকীক সহায় কৰাৰ দূৰৰে কথা হাতত দুই এটকা ভিক্ষা দিয়েই দায়িত্ব সামৰিলে ৷ ভিডিঅ’টোত কিশোৰীগৰাকীয়ে লোকসকলক বাৰে বাৰে তেওঁ বিপদত পৰিছে, তেওঁক সহায় কৰক, তেওঁৰ কোনো লোকে পিছ লৈছে বুলি কৈ থকাৰ পিচতো অঞ্চলটোৰ লোকসকলে মগনীয়াৰ দৰে ব্যৱহাৰ কৰি সেই স্থান পৰিত্যাগ কৰিবলৈ ইংগিত দিছিল ৷
লগতে পঢ়ক:MP rape case : নিৰ্যাতনৰ বলি কিশোৰী, ঘৰে ঘৰে সহায় বিচাৰিও নাপালে সঁহাৰি