অসম

assam

ETV Bharat / bharat

পাৰিবাৰিক কাৰণত স্বামী আৰু বৰজনাকক হত্যা মহিলাৰ

উজ্জয়িনীত পাৰিবাৰিক কাৰণত এগৰাকী মহিলাই স্বামী আৰু বৰজনাক গুলীয়াই হত্যা কৰে (Ujjain double murder case)। হত্যাৰ পাছত আত্মসমৰ্পণ মহিলাগৰাকীৰ । ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য ।

Ujjain double murder case
পাৰিবাৰিক কাৰণত স্বামী আৰু বৰজনাক হত্যা মহিলাৰ

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:18 PM IST

নেশ্যনেল ডেস্ক,১ জানুৱাৰী :মধ্যপ্ৰদেশৰ উজ্জয়িনী জিলাৰ বদনগৰ ৰোডত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পাৰিবাৰিক কন্দলৰ বাবে এগৰাকী মহিলাই স্বামী আৰু বৰজনাক অবৈধ দেশীয় পিষ্টলেৰে গুলীয়াই হত্যা কৰে । মহিলাগৰাকীৰ স্বামীৰ ঘটনাস্থলীতে মৃত্যু হয় আনহাতে বৰজনাৰ চিকিৎসালয়ত মৃত্যু হয় । ইফালে ঘটনাৰ পাছতে অভিযুক্ত মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী চকীত আত্মসমৰ্পণ কৰে । সম্প্ৰতি আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।

উজ্জয়িনীৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত বদনগৰৰ ইঙ্গোৰিয়া আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰৈত এই ঘটনাটো সংঘটিত হৈছে । সোমবাৰে পুৱা প্ৰায় ৯:৩০ মান বজাত মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু বৰজনাক দেশীয় পিষ্টলেৰে গুলীয়াই হত্যা কৰে । মহিলাগৰাকীৰ স্বামীৰ মূৰত গুলী লাগিছিল । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰজনাক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিচত তেওঁৰো মৃত্যু হয় ।

জানিব পৰা মতে মহিলাগৰাকীয়ে ঘটনাস্থলীত ৬ টাতৈ গুলী নিক্ষেপ কৰিছিল । তাৰ ভিতৰত স্বামী আৰু বৰজনাৰ শৰীৰত এটাকৈ গুলী লাগিছিল । লক্ষণীয়ভাৱে ঘটনা সংঘটিত কৰি মহিলাগৰাকীয়ে পলাই যোৱাৰ পৰিৱৰ্তে পোনে পোনে আৰক্ষী চকীত উপস্থিত হয় আৰু আৰক্ষীক সকলো কথা বিৱৰি কয় । জানিব পৰা মতে মহিলাগৰাকী অংগণবাড়ী কৰ্মী ।

স্থানীয় লোকৰ মতে মহিলাগৰাকীৰ স্বামীয়ে কোনো কাম কৰা নাছিল । তেওঁৰ বিৰুদ্ধে অবৈধ অস্ত্ৰ বিক্ৰী কৰাৰ বাবে তিনিটা গোচৰো ৰুজু কৰা হৈছিল । স্বামীয়ে মহিলাগৰাকীৰ চৰিত্ৰক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল । আনকি বৰজনাইও ভাতৃক সমৰ্থন কৰি মহিলাগৰাকীক অত্যাচাৰ কৰিছিল । যেতিয়া মহিলাগৰাকীয়ে তেওঁলোকৰ দুগৰাকীকৈ কন্যাৰ বিয়াৰ বাবে জোৰ দিছিল তেতিয়া স্বামী আৰু বৰজনাই দুই কন্যাৰ চৰিত্ৰৰ ওপৰত আঙুলি তুলিছিল । যাক লৈ তেওঁলোকৰ মাজত কাজিয়াও হৈছিল বুলি চুবুৰীয়া একাংশই জনাইছে ।

লগতে পঢ়ক :ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি গ্ৰেপ্তাৰ ৰাছিয়াৰ নাগৰিক

ABOUT THE AUTHOR

...view details