নিউজ ডেস্ক, 21 জুন : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদ এৰিলে উদ্ধৱ ঠাকৰেই ৷ পদত্যাগৰ পূৰ্বে ৰাজ্যবাসীক সম্বোধন ঠাকৰেৰ ৷ বিগত এসপ্তাহ ধৰি চলি থকা মহাৰাষ্ট্ৰ ৰাজনৈতিক নাটকৰ যৱনিকা পেলাই পতন ঘটিল শিৱসেনা চৰকাৰৰ ৷ সকলোকে ধন্যবাদ জনোৱাৰ লগতে নিজৰ মানুহেই বিশ্বাসঘাতকতা কৰা বুলি উল্লেখ ঠাকৰেৰ ৷ বিধান পৰিষদৰ সদস্য পদো ত্যাগ কৰিলে শিৱসেনাৰ মুৰব্বীগৰাকীয়ে (Uddhav Thackeray resigns from Maharashtra CM post)৷
ঠাকৰেই কয়, ‘‘মই এনচিপি আৰু কংগ্ৰেছৰ লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ যে তেওঁলোকে মোক সমৰ্থন কৰিছিল । শিৱসেনা, অনিল পাৱাৰ, সুভাষ দেশাই আৰু আদিত্য ঠাকৰেৰ পৰা, এই লোকসকল কেৱল প্ৰস্তাৱটো গৃহীত হোৱাৰ সময়তহে উপস্থিত আছিল আনহাতে এনচিপি আৰু কংগ্ৰেছৰ লোকসকলেও প্ৰস্তাৱটো সমৰ্থন কৰিছিল’’ (Maharashtra political updates)৷