অসম

assam

Udaipur Murder Case: উদয়পুৰ হত্যাকাণ্ডৰ আন চাৰি অভিযুক্তক আটক

উদয়পুৰ হত্যাকাণ্ডৰ গোচৰত দেওবাৰে নিশাৰ ভাগত এ টি এছে আৰু চাৰিজন অভিযুক্তক আটক কৰিছে । ইয়াৰে দুজন অভিযুক্তই হত্যাকাৰী ঘাউছ মহম্মদক পাকিস্তানলৈ পঠিয়াইছিল বুলি অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে এ টি এছে ।

By

Published : Jul 4, 2022, 3:34 PM IST

Published : Jul 4, 2022, 3:34 PM IST

Udaipur Murder Case
উদয়পুৰ হত্যাকাণ্ডৰ আন চাৰি অভিযুক্তক আটক

নিউজ ডেস্ক: ২৮ জুনত ৰাজস্থানৰ উদয়পুৰত দিন দুপৰে নৃশংসভাৱে হত্যা কৰা হৈছিল কানহাইয়া লাল চাহু নামৰ এজন দৰ্জীক (Udaipur Murder Case)। ঘটনা সন্দৰ্ভত NIA আৰু ATS য়ে অব্যাহত ৰাখিছে তদন্ত ৷ ঘটনাৰ পাচতে দুজন অভিযুক্তত আটক কৰাৰ পাচত দেওবাৰে নিশা আন 4 অভিযুক্তক আটক কৰিছে এ টি এছে (Four more accused in custody)। উদয়পুৰৰ এক ধৰ্মীয় স্থানৰ পৰা আটক কৰে চাৰি অভিযুক্তক । অভিযুক্তকেইজন ক্ৰমে আব্দুল ৰজ্জাক, ৰিয়াছাত হুছেইন, ৱাছিম ​​আথাৰী, আখতাৰ ৰজা । ইয়াৰে দুজন অভিযুক্তই আন এক হত্যাকাৰী ঘাউছ মহম্মদক পাকিস্তানলৈ পঠিওৱা বুলি অভিযোগ উত্থাপিত হৈছিল ৷

দৰ্জী কানহাইলালৰ হত্যাকাণ্ডৰ পাছতে উদয়পুৰত জাৰি কৰা হৈছিল সান্ধ্য আইন ৷ দেওবাৰে পৰিস্থিতি কিছু পৰিমানে স্বাভাৱিক হোৱাত প্ৰশাসনে ১০ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰাৰ পাচত সোমবাৰে পুনৰ ১২ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে সান্ধ্য আইন । সোমবাৰৰ পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ চহৰখনত খোলা থাকিব বজাৰসমূহ । বিয়লিৰ ভিতৰত ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, সোমবাৰেই মৃত কানহাইলালৰ উদয়পুস্থিত বাসগৃহত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত ।

অৱশ্যে, ভূত মহলৰ চাৰিওফালৰ বাট-পথসমূহ এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ৷ কানহাইয়ায়ে পৰিধান কৰা টুপীটো এতিয়াও দোকানখনৰ সন্মুখতেই পৰি থকা দৃশ্যই সামগ্ৰিক পৰিৱেশটো গোমা কৰি ৰাখিছে ৷

উল্লেখ্য যে, ২৮ জুনত কানহাইয়ালাল নামৰ দৰ্জীজনৰ দোকানত দুই দুবৃত্তই প্ৰৱেশ কৰি তেওক নৃশংসভাৱে হত্যা কৰিছিল । হত্যাকাণ্ডৰ পূৰ্বে আৰু হত্যাৰ পাচত ভিডিঅ’ও প্ৰস্তুত কৰিছিল হত্যাকাৰীয় । উক্ত ভিডিঅ’ৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীকো হত্যা কৰাৰ ভাবুকি দিয়া হৈছিল ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পিচতে দুয়োজন মূল অভিযুক্তকে আটক কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক:ডেনমার্কৰ ৰাজধানী কোপেনহেগেনৰ শ্বপিং মলত বন্দুকধাৰীৰ অক্ৰমণত নিহত ৩

ABOUT THE AUTHOR

...view details