স্পৰ্টছ ডেস্ক, ১৯ জানুৱাৰী :দক্ষিণ আফ্ৰিকাত ১৯ জানুৱাৰী অৰ্থাৎ আজিৰে পৰা ১৯ অনূৰ্ধ্ব বিশ্বকাপ আৰম্ভ হৈছে । এই বিশ্বকাপত ভাৰতীয় দলটোক চেম্পিয়নৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে । উদয় চাহাৰনৰ নেতৃত্বত ভাৰতীয় দলে যিকোনো প্ৰকাৰে এই বিশ্বকাপত জয়ী হোৱাটো বিচাৰিব । এই বিশ্বকাপত ১৬ টা দল আছে যি ৪-৪ ৰ গ্ৰুপত আছে । গ্ৰুপ পৰ্যায়ৰ অন্তত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । এই প্ৰতিযোগিতাখন ৫০ অভাৰৰ অৰ্থাৎ এদিনীয়া ফৰ্মেটত খেলা হ'ব ।
এই ১৯ অনুৰ্ধ্ব বিশ্বকাপত ডিআৰএছৰ ব্যৱহাৰ কৰিব নোৱাৰিব । কেৱল খেলপথাৰ আৰু টিভি আম্পায়াৰেহে সিদ্ধান্ত ল'ব । এই বিশ্বকাপৰ খেলসমূহ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আনহাতে লাইভ ষ্ট্ৰীমিং ডিজনী প্লাছ হটষ্টাৰত হ'ব ।
এই প্ৰতিযোগিতাত প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত মুঠ ৩ খনকৈ মেচ খেলিব পাৰিব । ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ত মুঠ ৩ খন খেল খেলিব লাগিব আৰু ইয়াৰ তিনিওখন খেল ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১.৩০ বজাৰ পৰা সম্প্ৰচাৰ কৰা হ'ব । গ্ৰুপ এত, ভাৰতে ২০ জানুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন খেল, ২৫ জানুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন মেচ আৰু ২৮ জানুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে তৃতীয়খন মেচ খেলিব ।
ভাৰতৰ গ্ৰুপ মেচসমূহ-
প্ৰথম এদিনীয়া - ভাৰত বনাম বাংলাদেশ (২০ জানুৱাৰী)
দ্বিতীয় এদিনীয়া - ভাৰত বনাম আয়াৰলেণ্ড (২৫ জানুৱাৰী)
তৃতীয় এদিনীয়া - ভাৰত বনাম আমেৰিকা (২৮ জানুৱাৰী)