অসম

assam

By

Published : Feb 17, 2023, 12:54 PM IST

ETV Bharat / bharat

2 Men burnt alive in Bhiwani: হাৰিয়ানাত ৰহস্যজনকভাৱে জীৱন্তে অগ্নিদগ্ধ দুজন

বৃহস্পতিবাৰে হাৰিয়ানাত পোহৰলৈ আহিছে এক শোকাবহ ঘটনা । হাৰিয়ানাৰ বাৰৱাছ ভিৱানী গাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰে ভস্মীভূত এখন ব'লেৰ' বাহন । য'ত উদ্ধাৰ কৰা হৈছিল দুটাকৈ কংকাল(Two skeletons found in the submerged Bolero) । হাত ভৰি বান্ধি দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

Two skeletons found in the submerged Bolero
হাৰিয়ানাত ৰহস্যজনকভাৱে জীৱন্তে অগ্নিদগ্ধ দুজন

নেশ্যনেল ডেস্ক,১৭ ফ্ৰেব্ৰুৱাৰী: বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিৱানী জিলাত পোহৰলৈ আহে এক শোকাবহ খবৰ । ভস্মীভূত অৱস্থাত এখন ব'লেৰ' বাহনত উদ্ধাৰ কৰা হয় দুটাকৈ কংকাল(Two skeletons found in the submerged Bolero) । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত গম পোৱাৰ লগে লগে ঘটনাস্থলীলৈ গৈ আৰক্ষীক খবৰ দিয়ে । লগে লগে ভিৱানী আৰক্ষী, এফএছএল, চিআইএ আৰু চাইবাৰ চেলৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

ঘটনা সন্দৰ্ভত লোহাৰুৰ ডিএছপি জগত সিঙে কয় যে যেতিয়া আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে এখন ভস্মীভূত ব'লেৰ' বাহন উদ্ধাৰ কৰিছিল(Two mysteriously burnt alive in Haryana) । য'ত দুটা কংকালো আছিল । ব'লেৰ'খনত হয়তো অগ্নিসংযোগ হৈছিল আৰু দুয়োজন লোক জীৱন্তে অগ্নিদগ্ধ হৈছিল(Two youths burnt alive in bhiwani) । উপ আৰক্ষী অধীক্ষকগৰাকীয়ে সম্ভাৱনা ব্যক্ত কৰিছিল যে তেওঁলোক দুয়োকে তেওঁলোকৰ হাত-ভৰি বান্ধি বাহনৰ ভিতৰত বহাই ব'লেৰ'খনত অগ্নিসংযোগ কৰা হৈছে ।

এই সন্দৰ্ভত উপ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বৰ্তমান যিহেতু তদন্ত চলি আছে, গতিকে এতিয়াই একো ক'ব নোৱাৰি । তেওঁ কৈছিল যে আৰক্ষীয়ে বিষয়টো প্ৰতিটো দিশৰ পৰা অনুসন্ধান কৰি আছে । ইফালে ব'লেৰ'খনৰ নম্বৰ প্লেটো উদ্ধাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰে উপ আৰক্ষী অধীক্ষকগৰাকীয়ে । লগতে কংকাল দুটা কাৰ সেয়াও বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই । সমগ্ৰ ঘটনাটোৰ বৰ্তমান তদন্ত চলি আছে । বাহনখন চেচিছ নম্বৰৰ জৰিয়তে চিনাক্ত কৰি, বাহনখনৰ গৰাকীৰ পৰিচয় উদ্ধাৰৰ বাবে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে । ঘটনাৰ উপযুক্ত তথ্যৰ সন্ধানত ঘটনাস্থলীৰ চাৰিওফালে থকা চিচিটিভি কেমেৰাবোৰ পৰীক্ষা কৰা হৈছে ।

ঘটনাটোৰ সৈতে সাঙোৰ খাই পৰিছে ৰাজস্থানৰ নামটো । কিয়নো গোপালগড় আৰক্ষী থানাত অঞ্চলটোৰ দুজন লোক নিৰুদ্দেশ হোৱা এটা গোচৰ ৰুজু কৰা হৈছে । তথ্য অনুসৰি, বুধবাৰে পিৰুকা গাঁৱৰ বাসিন্দা জুনেইদ আৰু নাছিৰক কোনো লোকে অপহৰণ কৰিছিল । তাৰ পিছতে তেওঁৰ সম্পৰ্কীয় ভাতৃ ইছমাইলে গোপালগড় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল । ইছমাইলৰ মতে, ৮ ৰ পৰা ১০ জন লোকে প্ৰথমে জুনেইদ আৰু নাছিৰক বেয়াকৈ প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত তেওঁলোকক এখন ব'লেৰ' বাহনেৰে লৈ যোৱা হৈছিল । যেতিয়া জুনেইদ আৰু নাছিৰক ফোন কৰা হৈছিল, তিতিয়ালৈ ম'বাইল বন্ধ কৰি দিয়া হৈছিল বুলি অভিযোগকাৰী যুৱকজনে জানিবলৈ দিয়ে ।

আৰক্ষীৰ ওচৰত কৰা অভিযোগত ইছমাইলে উল্লেখ কৰিছিল যে অভিযুক্তজন হাৰিয়ানাৰ বজৰং দলৰ কৰ্মী আছিল । অভিযুক্তসকলক হাৰিয়ানাৰ বাসিন্দা শ্ৰীকান্ত, লোকেশ চিংলা, অনিল আৰু ৰিংকু চাইনী বুলি চিনাক্ত কৰা হৈছে । ইফালে হাৰিয়ানাৰ ভিৱানী জিলাৰ ভষ্মীভূত ব'লেৰ'ত উদ্ধাৰ হোৱা কংকাল দুটা জুনেইদ আৰু নাছিৰৰ বুলি সন্দেহ কৰা হৈছে । এই বাতৰি বিয়পি পৰাৰ লগে লগে ভুক্তভোগী পৰিয়ালৰ সদস্যসকল শোকত ভাগি পৰিছে ।

লগতে পঢ়ক:Fund release program in Biswanath: বিশ্বনাথত PMAY ৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

ABOUT THE AUTHOR

...view details