অসম

assam

ETV Bharat / bharat

Two youth missing for months: দুমাহে সন্ধান নাই দুই অৰুণাচলী যুৱকৰ

প্ৰায় দুমাহ পূৰ্বে অৰুণাচলৰ চীন সীমান্তত নিৰুদ্দেশ হোৱা দুজনকৈ অৰুণাচলী যুৱকৰ আজিও কোনো সন্ধান ওলোৱা নাই ৷ কোনো শুংসূত্ৰই ওলোৱা নাই দুয়োজন যুৱকৰ (Two youth missing for months) ৷ পিছে আজি পৰ্যন্ত অৰুণাচল আৰক্ষীয়ে যুৱকদুজনৰ সন্ধান উলিয়াব নোৱাৰাত উপায়ন্তৰ হৈ যুৱকদুজনৰ পৰিয়ালৰ লোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দুয়োৰে সন্ধান বিচাৰি সহায়ৰ বাবে আবেদন জনায় (Appealed to central government) ।

By

Published : Nov 7, 2022, 9:06 PM IST

2-youth-missing-for-months-along-indo-china-border-yet-to-be-traced
দুমাহে সন্ধান নোলাল দুই অৰুণাচলী যুৱকৰ

তেজপুৰ, ৭ নৱেম্বৰ: প্ৰায় দুমাহ পূৰ্বে অৰুণাচলৰ চীন সীমান্তত নিৰুদ্দেশ হোৱা দুজনকৈ অৰুণাচলী যুৱকৰ আজিও কোনো সন্ধান ওলোৱা নাই ৷ কোনো শুংসূত্ৰই ওলোৱা নাই দুয়োজন যুৱকৰ (two youth missing for months) ৷ নিৰুদ্দেশ হোৱা যুৱক দুজনৰ নাম, বেটিলাম টিক্ৰ’ আৰু বেইংছ’ মান্যু বুলি জানিব পৰা গৈছে ।

ঘটনা অনুসৰি, বিগত ২৪ আগষ্টত ঔষধি গছৰ সন্ধানত বেটিলাম টিক্ৰ’ আৰু বেইংছ’ মান্যু নামৰ যুৱক দুজন দুৰ্গম অঞ্চললৈ গৈছিল ৷ যুৱক দুজনক শেষবাৰৰ বাবে বিগত ২৪ আগষ্টত দেখা গৈছিল ৷ সেই তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱক দুজন ৷ সাধাৰণতে অৰুণাচলৰ অঞ্চলটোৰ পৰা প্ৰায়ে এইদৰে ১৫-২০ দিনৰ বাবে ঔষধি গছ বিচাৰি বহু লোক গভীৰ অৰণ্যলৈ যায় ৷

কিন্তু এই যুৱক দুজন প্ৰায় এমাহৰ পিছতো উভতি নহাত এক হাহাকাৰমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ লগে লগে পৰিয়ালৰ লোকে বিগত ৯ অক্টোবৰত খুপা থানাত যুৱক দুজন নিৰুদ্দেশ হোৱাৰ গোচৰ দাখিল কৰিছিল ।

পিছে আজি পৰ্যন্ত অৰুণাচল আৰক্ষীয়ে যুৱকদুজনৰ সন্ধান উলিয়াব নোৱাৰাত উপায়ন্তৰ হৈ যুৱকদুজনৰ পৰিয়ালৰ লোকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দুয়োৰে সন্ধান বিচাৰি সহায়ৰ বাবে আবেদন জনায় (Appealed to central government) । নিৰুদ্দেশ হোৱা এজন যুৱকৰ ভাতৃয়ে জনোৱা মতে, পৰিয়ালৰ লোকে যুৱকদুজন ঔষধি গছৰ সন্ধানত ভাৰতৰ সীমান্ত পাৰ হৈ (Indo China Border) যোৱাত চীনা সৈন্যই (Chinese People's Liberation Army ) অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰে ৷

এই খবৰ জনাৰ পিছতেই ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও জনায় নিৰুদ্দেশ হোৱা এজন যুৱকৰ ভাতৃয়ে ৷ সম্প্ৰতি ঘটনাটোৰ ওপৰত ভাৰত চৰকাৰে পোনপটীয়াকৈ হস্তক্ষেপ কৰা বুলিও জনায় নিৰুদ্দেশ হোৱা যুৱকদুজনৰ পৰিয়ালৰ লোকে ৷ ইতিমধ্যে ভাৰতীয় সেনাই যুৱকদুজনৰ সন্ধানত নামি পৰা বুলিও জনায় যুৱকদুজনৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Dhula Murder Case: মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি চিকিৎসকক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details