নিউজ ডেস্ক, 29 অক্টোবৰ : অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ বিজিয়ানগৰ জিলাৰ কোঠাৱলাছা মণ্ডলৰ কান্তকাপল্লীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ বিশাখাৰ পৰা ৰায়গড়ালৈ যাত্ৰীবাহী ৰে’ল ৷ পালাছাৰ পৰা বিজিয়ানগৰ অভিমুখে আহি থকা দুখন পালাছা যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাতো ৷
ট্ৰেক ক্ৰচিঙৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি এই দুৰ্ঘটনাত 6 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো গুৰুতৰভাৱে আহত হৈছে ৷ বিষয়াসকলে জনোৱা মতে, ৰায়গড়া যাত্ৰীবাহী ৰে’লৰ 3 টা বগী দুৰ্ঘটনাৰ ফলত ৰে’লপথৰ পৰা বাহিৰ হৈ যায় ৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷