নিউজ ডেস্ক, ২৭ ডিচেম্বৰ :২৬ ডিচেম্বৰৰ সন্ধিয়া দিল্লীৰ ইজৰাইল দূতাবাসৰ ওচৰত সংঘটিত তথাকথিত বিস্ফোৰণৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্তত দুজন সন্দেহযুক্ত লোকৰ কথা প্ৰকাশ পাইছে । এই লোক দুজনে ঘটনাস্থলীৰ চাৰিওফালে ঘূৰি ফুৰা দেখা গৈছে । সূত্ৰ অনুযায়ী চিচিটিভি কেমেৰা স্কেন কৰোঁতে এই দুজন সন্দেহজনক লোকক চিনাক্ত কৰা হয় ।
মঙলবাৰে সন্ধিয়া ঘটনাস্থলীৰ ওচৰত লোক দুজনক ঘূৰি ফুৰা দেখা গৈছে । আৰক্ষীয়ে দুয়োকে চিনাক্ত কৰিবলৈ আৰু বিচাৰি উলিয়াবলৈ অঞ্চলটোত স্থাপন কৰা কেমেৰাবোৰ স্কেন কৰি আছে । ইফালে আৰক্ষীয়ে পাহাৰগঞ্জৰ চাবাদ হাউছৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিছে । উল্লেখ্য যে এই অঞ্চলটোত বৃহৎ সংখ্যক ইজৰাইলী বাস কৰে ।
মঙলবাৰে চাণক্যপুৰীৰ ইজৰাইল দূতাবাসৰ ওচৰত বোমা বিস্ফোৰণ ঘটা বুলি এক জৰুৰীকালীন ফোনকল পোৱাৰ পিছত দিল্লীৰ নিৰাপত্তা সংস্থাসমূহ হতচকিত হৈ পৰে । ইয়াৰ পিছত এক বিস্তৃত অনুসন্ধান অভিযানৰ পিছত সূত্ৰবোৰে সাম্ভাব্য প্ৰমাণ উপলব্ধ হোৱাটো নিশ্চিত কৰে । ইয়াৰ ভিতৰত আছে ভাৰতত ইজৰাইলী ৰাষ্ট্ৰদূতক সম্বোধন কৰা এখন টাইপ কৰা পত্ৰ । অৱশ্যে পত্ৰখনৰ বিষয়বস্তুৰ বিষয়ে সোধাত সংশ্লিষ্ট বিষয়াসকলে এই বিষয়ে তথ্যদিয়াৰ পৰা বিৰত থাকে ।