নিউজ ডেস্ক,৪ মাৰ্চ:পুনৰ ঝাৰখণ্ডত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ । মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত তিনিজনকৈ আৰক্ষীৰ বিশেষ জাগুয়াৰ জোৱানে প্ৰাণ হেৰুৱালে । পশ্চিম সিংভূম জিলাৰ ঝাৰঝাৰা অঞ্চলত সংঘটিত এই বিস্ফোৰণত আন দুগৰাকী জোৱান গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হয় ।
আৰক্ষীয়ে জনোৱা মতে বিস্ফোৰণত কনিষ্টবল হাৰ্ডৱাৰ শ্বাহ আৰু কনিষ্টবল কীৰণ সুৰিনৰ মৃত্যু হোৱাৰ লগতে হেড কনিষ্টবল দেৱেন্দ্ৰ কুমাৰ পণ্ডিত,কনিষ্টবল দীপ টপনো আৰু কনিষ্টবল নিক্কু ওৰাওঁ গুৰুতৰভাৱে আহত হয় । আহত জোৱান কেইজনক হেলিকপ্টাৰেৰে ৰাঁচীলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও ইয়াৰ এজনৰ চিকিৎসালয়ত মৃত্যু হয় ।