অসম

assam

ETV Bharat / bharat

JawanS killed near LOC : জম্মু-কাশ্মীৰৰ এলঅ'চিৰ সমীপত দুই সৈনিকৰ মৃত্যু - এলঅ'চিৰ সমীপত দুই সৈনিকৰ মৃত্যু

এলঅ'চিৰ কাষৰ ৰাজৌৰীৰ হানজানৱালী অঞ্চলত এটা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে য'ত দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈ পিছত মৃত্যুবৰণ কৰে (accidental firing near LOC)। জানো আহক কেনেকৈ সংঘটিত হৈছে এই ঘটনা ৷

two-soldiers-killed-in-accidental-firing-in-jammu-and-kashmir
JawanS killed near LOC : জম্মু-কাশ্মীৰৰ এলঅ'চিৰ সমীপত সন্দেহজনকভাৱে দুই সৈনিকৰ মৃত্যু

By

Published : Jan 13, 2022, 10:43 PM IST

নিউজ ডেস্ক, 13 জানুৱাৰী : বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ লাইন অৱ কন্ট্ৰ’লৰ (এলঅ'চি) ওচৰত সংঘটিত এক ৰহস্যজনক গুলীচালনাৰ ঘটনাত দুজন সেনা জোৱানৰ মৃত্যু হয় (Jawans in jammu kashmir killed) ৷ এই খবৰ সেনাৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে । এই সূত্ৰ অনুসৰি জানিবলৈ দিয়া হৈছে যে, ঘটনাটোৰ পিছত সেনা বিষয়া আৰু আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈকৈ উপস্থিত হৈছিল ।

জানিব পৰা মতে, এলঅ'চিৰ সমীপৰ ৰাজৌৰীৰ হানজানৱালী অঞ্চলত সংঘটিত এই গুলীচালনাৰ ঘটনাত দুজন সৈনিক আঘাতপ্ৰাপ্ত হৈছিল আৰু পিছলৈ দুয়োজনে মৃত্যুবৰণ কৰিছিল । সূত্ৰ অনুসৰি কোৱা হৈছে যে, সম্প্ৰতি বিষয়টোৰ তদন্ত চলি আছে । অৱশ্যে, আন কিছু অসমৰ্থিত প্ৰতিবেদন অনুসৰি এই ঘটনাক fratricide অৰ্থাৎ নিজৰ মাজতে হোৱা গুলীয়াগুলীৰ ঘটনা বুলিও ধাৰণা কৰা হৈছে (suspected fratricide along LoC)।

লগতে পঢ়ক :Guwahati Bikaner Express derailed : দুৰ্ঘটনাত পতিত গুৱাহাটী-বিকানেৰ এক্সপ্ৰেছ

ABOUT THE AUTHOR

...view details