নিউজ ডেস্ক, ১৪ ডিচেম্বৰ :উত্তৰ প্ৰদেশৰ ঝান্সি চিকিৎসা মহাবিদ্যালয়ৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে । বুধবাৰে চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ কৰাৰ সময়ত নৰমুণ্ড, কংকাল আৰু হাড়ৰ ভাণ্ডাৰ উদ্ধাৰ হয় । এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । আনহাতে, বিষয়টো সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ মৰণোত্তৰ পৰীক্ষা গৃহৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে চিকিৎসা মহাবিদ্যালয়খনত মানৱ অংগৰ চোৰাং সৰবৰাহৰো অভিযোগ উত্থাপন কৰে ।
উল্লেখ্য যে ঝান্সিৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষা গৃহত মৃতদেহৰ পৰা চকু আৰু অংগ চুৰিৰ ঘটনা এতিয়াও মানুহৰ মনত সজীৱ হৈ আছে । তাৰ মাজতে বুধবাৰে চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ কৰাৰ সময়ত নৰমুণ্ড, কংকাল আৰু হাড় উদ্ধাৰৰ ফলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে । আনহাতে, এই ঘটনাত মৰণোত্তৰ পৰীক্ষাৰ বাবে অহা লোকসকল আতংকিত হৈ পৰে । ইফালে দুটা মানৱ কংকাল আৱিষ্কাৰ হোৱাৰ তথ্য পোৱাৰ লগে লগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যৰ নেতৃত্বত শ শ কংগ্ৰেছ কৰ্মী চিকিৎসা মহাবিদ্যালয়খনৰ মৰণোত্তৰ পৰীক্ষা গৃহৰ বাহিৰত উপস্থিত হয় ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈন আদিত্যই মানৱ অংগক লৈ ব্যৱসায় চলি থকাৰ অভিযোগ তুলি সৰৱ হৈ পৰে । তেওঁ নৰমুণ্ড আৰু মানৱ দেহৰ অৱশেষ উদ্ধাৰক 'অতি গুৰুতৰ বিষয়' আৰু ইয়াৰ সৈতে মানৱ অংগৰ চোৰাং ব্যৱসায় জড়িত হৈ থকাৰো অভিযোগ কৰে । তেওঁ লগতে বিষয়টোৰ এক উচিত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষা গৃহৰ পৰা মানৱ অংগ সৰবৰাহৰ ৰেকেটক পোহৰলৈ অনাৰো দাবী জনায় । ইয়াৰ উপৰি উদ্ধাৰ হোৱা মানৱ শৰীৰ অৱশেষৰ ডিএনএ পৰীক্ষাৰো দাবী জনায় । অৱশ্যে এই মানৱ কংকাল ক'ৰ পৰা আহিল, কাৰ আৰু কিমান দিন পুৰণি তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।