নিউজ ডেস্ক, 10 ডিচেম্বৰ :সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জয়পুৰ আৰক্ষী ৷ এছ আই টি আৰু দিল্লী আৰক্ষীৰ যৌথ অভিযান চলাই চণ্ডীগড়ৰ পৰা দুই অভিযুক্ত শ্বুটাৰ নিতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে দুই অভিযুক্তক চণ্ডীগড়ৰ পৰা জয়পুৰলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
অপৰাধ শাখাৰ এ ডি জি দীনেশ এম এনে জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোছেফৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল ৷ আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আজি এক সংবাদমেলৰ জৰিয়তে সকলো তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ সন্দৰ্ভত এ ডি জি দিনেশ এম এনে কয় যে, সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডত অভিযুক্ত শ্বুটাৰ নীতিন ফৌজী আৰু ৰোহিত ৰাথোড়ক গ্ৰপ্তাৰৰ বাৰে যুটীয়া অভিযান চলোৱা হৈছিল । ৰাজস্থানৰ এছ আই টি আৰু দিল্লী আৰক্ষীৰ এটা যুটীয়া দলে চণ্ডীগড়ত যুটীয়া অভিযান চলাই দুই অভিযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ কৰাত সফল হৈছিল এছ আই টি দলে ৷