অসম

assam

ETV Bharat / bharat

সৰ্প দংশনৰ ফলত ত্ৰিপুৰাত দুজন লোক চিকিৎসাধীন - তেলিয়ামুৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

ত্ৰিপুৰাৰ তেলিয়ামুৰা মহকুমাত সৰ্পৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । একেদিনাই দুজন লোকক সৰ্পই দংশন কৰাৰ ফলত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

tripura
সৰ্প দংশনৰ ফলত ত্ৰিপুৰাৰ তেলিয়ামুৰাত দুজন লোক চিকিৎসাধীন

By

Published : Sep 4, 2021, 11:50 AM IST

আগৰতলা, ৪ ছেপ্তেম্বৰ :ত্ৰিপুৰাৰ তেলিয়ামুৰাত চাঞ্চল্যকৰ ঘটনা । সাপে দংশন কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈছে দুজনকৈ লোক । তেলিয়ামুৰা উপ সংমণ্ডলৰ অন্তৰ্গত বিলাইহামপাৰা আৰু হৰংখাৱলত সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ পাছতে দুয়োগৰাকীকে তেলিয়ামুৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

সম্প্ৰতি দুয়োগৰাকীৰে চিকিৎসা চলিছে যদিও বিপদমুক্ত হোৱা নাই ব্যক্তি দুগৰাকী ৷ স্থানীয় সূত্ৰৰ মতে, ১১ বছৰীয়া ৰাম সাধন ৰিয়াঙে বিলাইহামপাৰাত পিতৃৰ সৈতে খেতিপথাৰলৈ গৈছিল । তেনে সময়তে এটা বিষাক্ত সাপে দংশন কৰে ৰাম সাধন ৰিয়াঙক ।

পূৰ্বে ৰিয়াঙক সুস্থ কৰিবলৈ পিতৃ-মাতৃয়ে কিছু ঘৰুৱা চিকিৎসা চলাই যদিও ৰিয়াঙৰ স্বাস্থ্যৰ অৱনতিহে ঘটে ৷ যাৰ বাবে শুকুৰবাৰে সন্ধিয়া তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে বৃহস্পতিবাৰে আন এগৰাকী ১৭ বছৰীয়া যুৱক ৰুস্তম দেৱবৰ্মাকো সাপে দংশন কৰিছিল ।

চিকিৎসকে জনোৱা মতে দুয়োৰে চিকিৎসা অব্যাহত আছে । ইফালে সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা কেইমাহমানৰ পৰা তেলিয়ামুৰা মহকুমাত সৰ্পৰ সংখ্যা বৃদ্ধি পাইছে । অৱশ্যে বন বিভাগে জনোৱা মতে শেহতীয়াকৈ সাপৰ প্ৰজননৰ সময় পাৰ হৈছে ৷ যাৰ বাবে ৰাজ্যখনত সৰ্পৰ সংখ্যা বৃদ্ধি হোৱাটো হৈ পৰিছে স্বাভাৱিক ঘটনা ৷

লগতে পঢ়ক :ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস

ABOUT THE AUTHOR

...view details