নিউজ ডেস্ক, 1 আগষ্ট: মঙলবাৰে পুৱতি নিশা সংঘটিত আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনাত নিহত দুটা দুৰ্ধৰ্ষ অপৰাধী ৷ আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা কৰা হয় অপৰাধী দুটাক ৷ দুয়োটা অপৰাধীৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, ধন দাবীকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক গোচৰ ৷ দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল ৷ এই দুই কুখ্যাত অপৰাধীয়ে ৷
জানিব পৰা আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবলেৰে গঠিত এটা দলে ৰাজ পথত তালাচী চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ তীব্ৰবেগত অহা এখন ক’লা ৰঙৰ স্ক’ডা গাড়ী ৰখাবলৈ চেষ্টা কৰাৰ সময়তে চালকজনে তীব্ৰ জোৰত আৰক্ষীৰ বাহনত খুন্দা মাৰে ৷ লগে লগে আৰক্ষীয়ে বাহনখন আগুৰি ধৰে যদিও অস্ত্ৰৰে সুসজ্জিত চাৰিজনীয়া দলটো আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷
ইয়াৰে এটা দুৰ্বৃত্তই আৰক্ষী উপ-পৰিদৰ্শকজনৰ বাওঁ বাহুত এখন দাৰে আক্ৰমণ কৰি পৰৱৰ্তী সময়ত ডিঙি ৰেপিবলৈ চেষ্টা কৰে ৷ কিন্তু আৰক্ষী বিষয়াজনে হালি দিয়াত, তেওঁৰ টুপীটো কাটি যায় আৰু কথমপি বিষয়াজনৰ প্ৰাণ ৰক্ষা পৰে ৷ লগে লগে বিষয়াজনে দুৰ্বৃত্তটোক উদ্দেশ্যি গুলীচালনা কৰে ৷ আৰক্ষী পৰিদৰ্শকগৰাকীয়ে আন এটা দুৰ্বৃত্তক গুলীয়াই হত্যা কৰে ৷ আন দুটা দুৰ্বৃত্ত অৱশ্যে অস্ত্ৰসহ পলাই যাবলৈ সক্ষম হয় ৷