অসম

assam

ETV Bharat / bharat

হাথৰছ ভুক্তভোগীৰ পিতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজনক আটক

হাথৰছ ভুক্তভোগীৰ পিতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজনক আটক ৷ আটকাধীন দুজন নিখিল শৰ্মা আৰু ৰোশতাশ শৰ্মা ৷

By

Published : Mar 3, 2021, 8:04 PM IST

হাথৰছ কাণ্ড
হাথৰছ কাণ্ড

নেশ্যনেল ডেস্ক, 3 মাৰ্চ :হাথৰছ কাণ্ডৰ ভুক্তভোগীৰ পিতৃৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে অভিযুক্ত নিখিল শৰ্মা আৰু ৰোশতাশ শৰ্মাক আটক কৰে ৷ উল্লেখ্য যে, পলাতক অৱস্থাত থকা দুয়োজন অভিযুক্তক আটক কৰাৰ বাবদ 50 হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে ৷

হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত গৌৰৱ শৰ্মা বৰ্তমানেও পলাতক অৱস্থাত আছে ৷ তেওঁক আটক কৰিবলৈ আৰক্ষীয়ে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৷ আনহাতে, গৌৰৱ শৰ্মাক আটক কৰিবৰ বাবে বহুকেইটা আৰক্ষীৰ গোট গঠন কৰা হৈছে ৷

লগতে পঢ়ক :অব্যাহত কংগ্ৰেছ, আইএছএফৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কত আলোচনা

ABOUT THE AUTHOR

...view details