নেশ্যনেল ডেস্ক, 30 জুলাই: ওড়িশাৰ কটক জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিলাহীৰ বিনিময়ত অজ্ঞাত লোকে বন্ধকত থ’লে দুই নাবালকক ৷ কটকৰ ছাত্ৰ বজাৰত সংঘটিত হৈছে এই ঘটনা ৷ দুই নাবালক শিশুক 10 কিলোগ্ৰাম বিলাহীৰ বাবে বন্ধকত ৰখা বুলি দাবী কৰিছে দুই নাবালকে ।
নাবালক দুজনে দাবী কৰা মতে, 10 কিলোগ্ৰাম বিলাহীৰ বাবে বন্ধকত ৰখাৰ পূৰ্বে নাবালক দুজনক ঘৰুৱা কাম কৰাৰ বাবে লোকজনে আনিছিল ৷ 300 টকাৰ বিনিময়ত লোকজনে নাবালক দুজনক আনিছিল বুলি নাবালক দুজনে জানিবলৈ দিয়ে । উল্লেখ্য যে, বিলাহীৰ দাম আকাশলংঘী হোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা । বৰ্তমান প্ৰতি কিলোগ্ৰাম 160 টকাকৈ বিক্ৰী কৰা হৈছে বিলাহী ।
ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, লোকজনে ওড়িশাৰ বৃহত্তম শাক-পাচলিৰ বজাৰ এখনৰ পৰা আৰু ছাত্র বজাৰৰ দুখন দোকানৰ পৰা 5 কিলোগ্ৰামকৈ বিলাহী ক্ৰয় কৰিছিল । কিন্তু বিলাহীৰ পৰিৱৰ্তে দোকানীক ধন আদায় দিবৰ সময়ত পইচা আনিবলৈ পাহৰি যোৱা বুলি কৈ নাবালক দুজনক দোকানখনত এৰি থৈ গৈছিল ৷