ত্ৰিপুৰা,31 মাৰ্চ: ত্ৰিপুৰাতআঠজনকৈ যুৱকে দুগৰাকী কিশোৰীক কৰা দলবদ্ধ ধৰ্ষণ কাণ্ডই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ অভিযোগ অনুসৰি ত্ৰিপুৰাৰ খ'ৱাই জিলাৰ খাতিয়াবাৰী অঞ্চলত আঠজন যুৱকে দুগৰাকী কিশোৰীক প্ৰাকৃতিক দৃশ্য দেখুওৱাৰ চলেৰে মাতি নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দুয়োগৰাকী কিশোৰী কেইগৰাকীমান বন্ধুৰ সৈতে ফুৰিবলৈ বুলি আবেলি সময়ত ওলাই যায় ৷ সোমবাৰে আবেলি কিশোৰী দুগৰাকীৰ চিনাকি বন্ধুৱে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে তেওঁলোকক ঘৰৰ পৰা মটৰ চাইকেলত লৈ গৈছিল ৷ কিশোৰী দুগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়া মতে, 9 বজাৰ ভিতৰত তেওঁলোক উভতি অহাৰ কথা ৷ কিন্তু, কিশোৰী দুগৰাকীৰ বন্ধুৱে ৰাস্তা সলনি কৰি কৰি খাতিয়াবাৰী অঞ্চললৈ যায় আৰু তাতেই মটৰ চাইকেল আৰোহী অন্য ছয়জন যুৱকে তেওঁলোকৰ সৈতে মিলি ঘন জংঘলৰ মাজলৈ গৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োগৰাকী কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ তথা নিৰ্যাতন চলায় যুৱকৰ দলটোৱে ৷ কিশোৰী দুগৰাকী অচেতন হৈ পৰাৰ পাছতে যুৱকৰ দলটোৱে তাৰ পৰা পলায়ন কৰে ৷ নিৰ্যাতিতা কিশোৰী দুগৰাকীয়ে নিশা প্ৰায় 1 বজাত কোনো প্ৰকাৰে অভিভাৱকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ পাছতেই আৰক্ষীৰ সৈতে সকলো ঘটনাস্থলীত গৈ উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে ৷