অসম

assam

ETV Bharat / bharat

সীমান্তৰ কুপৱাৰাত ২ সন্ত্ৰাসবাদী নিহত - Two militants killed in JK

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । তেনে এক সংঘৰ্ষৰ মাজতে কুপৱাৰা জিলাত নিৰাপত্তা বাহিনীৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী (Two militants killed in JK)। বহু পৰিমাণৰ মাৰণাস্ত্ৰ, গ্ৰেণেড উদ্ধাৰ ।

militants
সীমান্তৰ কুপৱাৰাত ২ সন্ত্ৰাসবাদী নিহত

By

Published : Sep 25, 2022, 4:37 PM IST

নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ :ভাৰত-পাকিস্তান সীমান্তৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে (Operation against militants in JK)। আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিতৌ অঞ্চলবোৰত অভিযান চলাইছে । যাৰ ফলস্বৰূপে প্ৰায় প্ৰতিদিনে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘৰ্ষৰ খবৰ পোৱা গৈছে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে কুপৱাৰা জিলাৰ টেক্ৰি নাৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষৰ মাজতে দুটাকৈ উগ্ৰপন্থী নিহত হৈছে (Militants killed in Kupwara)। আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদী দুটাৰ পৰিচয় জানিব পৰা হোৱা নাই ।

অৱশ্যে সন্ত্ৰাসবাদী কেইটাৰ পৰা আৰক্ষীয়ে ২ টাকৈ AK 47 ৰাইফল, ২ টা পিষ্টল আৰু ৪ টা গ্ৰেণেড উদ্ধাৰ কৰিছে । অঞ্চলটোত আৰক্ষীয়ে অভিযান ৰাখিছে ।

লগতে পঢ়ক :UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়: এছ জয়শংকৰ

ABOUT THE AUTHOR

...view details