অসম

assam

By

Published : Dec 10, 2020, 1:05 PM IST

ETV Bharat / bharat

পিটিআইৰ ফটো সাংবাদিক আক্ৰমণ ঘটনাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ফটো সাংবাদিক ৰবি চৌধুৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে, উত্তৰ প্ৰদেশৰ ঘাজিয়াবাদ জিলাৰ মুৰাডনগৰৰ পৰা দিল্লী অভিমুখে আহি থকা অৱস্থাত ভাবী পত্নীসহ তেওঁক এদল উদণ্ড লোকে আক্ৰমণ কৰিছিল ।

পিটিআইৰ ফটো সাংবাদিক আক্ৰমণ ঘটনাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ
পিটিআইৰ ফটো সাংবাদিক আক্ৰমণ ঘটনাৰে জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ: গাজিয়াবাদ আৰক্ষীয়ে বুধবাৰে প্ৰকাশ কৰে যে, প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ ফটো সাংবাদিক ৰবি চৌধুৰী আৰু তেওঁৰ ভাবী পত্নীক আক্ৰমণ কৰা ঘটনাৰে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । দুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ ঘাজিয়াবাদ জিলাৰ মুৰাডনগৰৰ পৰা দিল্লী অভিমুখে আহি থকা অৱস্থাত দুয়োকে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ফটো সাংবাদিকগৰাকীয়ে । সোমবাৰে ভাবী পত্নীসহ ৰবি চৌধুৰীয়ে মুৰাডনগৰ থানাৰ অন্তৰ্গত গংগা নগৰ পথেৰে বাইকেৰে দিল্লী অভিমুখে আহি আছিল ।

এখন এছ ইউ ভি বাহনত অহা অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে তেওঁলোকৰ সৈতে বিবাদত লিপ্ত হয় আৰু আক্ৰমণ কৰে । ৰবি চৌধুৰীৰ মতে, স্থানীয় আৰক্ষীয়ে প্ৰথমে গোচৰ ৰুজু কৰাত অমান্তি হয় । দৰাচলতে কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি থকাৰ সময়ত কৃষকক প্ৰহাৰ কৰা এগৰাকী আৰক্ষীয়ে বিষয়াৰ ফটো তুলিছিল ৰবি চৌধুৰীয়ে আৰু এই ফটোখন ভাইৰেল হৈ পৰিছিল । সেই একেগৰাকী আৰক্ষী বিষয়াই প্ৰথমে ৰবি চৌধুৰীৰ গোচৰ ৰুজু নকৰো বুলি কয় ।

কিন্তু মঙলবাৰে গোচৰ ৰুজু কৰাৰ লগতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে । আৰক্ষীয়ে অনুসন্ধান চলাই ঘটনাৰে জড়িত দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু অভিযুক্তই ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰে । ঘাজিয়াবাদ আৰক্ষীয়ে এক টুইটযোগে কৈছে যে, এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে । ৰবি চৌধুৰীৰ মতে, এই ঘটনা গংগা নগৰ পথত হৈছিল ।

দুষ্কৃতিকাৰী অহা বাহনখনৰ চালকে ৰবি চৌধুৰীক বাইকত উঠিবলৈ লোৱাত বাধা প্ৰদান কৰে আৰু তেওঁৰ ভাবী পত্নীক গালি-গালাজ কৰে । যেতিয়া তেওঁ ইয়াৰ বিৰোধিতা কৰে তেতিয়া চালকজনে তেওঁক আগভেঁটি ধৰে আৰু নিজৰ বাহনৰ দৰ্জা খুলি দিয়ে । পি টি আইৰ ফটো সাংবাদিকগৰাকীয়ে কয় যে, ৩-৪ জন লোক বাহনখনৰ পৰা ওলাই আহে আৰু তেওঁলোকক প্ৰহাৰ কৰে । আনহাতে কেইবাজনো লোক গাড়ীৰ ভিতৰতে আছিল । দুয়োকে প্ৰহাৰ কৰি উদণ্ড লোককেইজনে সেই ঠাইৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক:কলকাতাত BSF আৰু BGBৰ মাজত উচ্চস্তৰীয় বৈঠক আৰম্ভ

ABOUT THE AUTHOR

...view details