অসম

assam

ETV Bharat / bharat

ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী - গোপনে ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী

উত্তৰ প্ৰদেশৰ মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন পুৰুষ কৰ্মচাৰীক ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিকিৎসালয় খনত কৰ্মৰত পুৰুষ কৰ্মচাৰী গৰাকীয়ে চিকিৎসালয়ৰ পৰা গোপনে নি মুকলি বজাৰত উক্ত বেজীটো ৩২,০০০ টকাত বিক্ৰী কৰিছে ৷

গোপনে ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী
গোপনে ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী

By

Published : Apr 26, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, 26এপ্ৰিল:উত্তৰ প্ৰদেশৰ মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী কৰ্মচাৰীয়ে চিকিৎসালয়ৰ পৰা ৰেমডেচিভিৰ বেজী লৈ গৈ বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিকিৎসালয় খনত কৰ্মৰত পুৰুষ কৰ্মচাৰী গৰাকীয়ে চিকিৎসালয়ৰ পৰা গোপনে নি মুকলি বজাৰত উক্ত বেজীটো ৩২,০০০ টকাত বিক্ৰী কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয় খনৰ পুৰুষ কৰ্মচাৰী গৰাকীয়ে প্ৰায় 900-2000 টকা মূল্যৰ ঔষধ নিলামৰ বাবে মজুত কৰি ৰাখিছিল ৷ অৱশেষত চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা ৰোগীৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত আটক হয় মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুই কৰ্মচাৰী ৷

উল্লেখ্য যে, চিকিৎসালয় খনত চিকিৎসাধীন হৈ থকা জৈন নামৰ ৰোগী গৰাকীক সংকটজনক অৱস্থাত চিকিৎসকে চাৰিপালি ৰেমডেচিভিৰ বেজী দিবলৈ কৈছিল ৷ কিন্তু দায়িত্বত থকা নাৰ্চ গৰাকীয়ে চাৰি পালিৰ সলনি তিনি পালি দি বাকী এপালি ৰেমডেচিভিৰ বেজী নিজৰ লগত মজুত ৰাখিছিল ৷ যাৰ ফলত মৃত্যুক আকোৱালি ল’ব লগাত পৰিছিল ৰোগী গৰাকী ৷ পৰৱৰ্তী সময়ত ৰোগীৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোপনে আৰম্ভ কৰে তদন্ত ৷ এই তদন্তৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুই কৰ্মচাৰীক ৷

লগতে পঢ়ক:মধ্য প্ৰদেশত নিৰ্মাণ হ’ব 200 কোটিটকীয়া ৰূপৰ মন্দিৰ

ABOUT THE AUTHOR

...view details