নিউজ ডেস্ক, 27 মে’ : শ্ৰীনগৰ জিলাৰ সৌৰা অঞ্চলত শুকুৰবাৰে পুৱা আৰক্ষীৰে হোৱা মুখামুখি সংঘৰ্ষত লস্কৰ-ই-তৈবা(এল ই টি)ৰ দুই সন্ত্ৰাসবাদী নিহত হয়(Two LET militants killed in encounter) ৷ মৃত সন্ত্ৰাসবাদী দুটা শ্বাকিৰ আহমেদ ৱাজা আৰু আফৰিন আফতাব মালিক বুলি চিনাক্ত কৰা হৈছে ৷ শ্বাকিৰ আৰু মালিক শ্বপিয়ান জিলাৰ ট্ৰেঞ্জ গাঁৱৰ বাসিন্দা ৷ সন্ত্ৰাসবাদীৰ দুটাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে বুলি জম্মু কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে ।
জম্মু-কাশ্মীৰত বিগত তিনিদিনত জইছ-ই-মহম্মদৰ 3টা আৰু লস্কৰ-ই-তৈবাৰ 7টা সন্ত্ৰাসবাদীসহ মুঠ 10 জন সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ( IGP Kashmir Vijay Kumar) সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে লগতে কয় যে, বৃহস্পতিবাৰে পাকিস্তানৰ মোহময়ী অভিনেত্ৰী আমৰিন ভাট হত্যাকাণ্ডৰ গোচৰটো 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে সমাধান কৰিছে ৷