নিউজ ডেস্ক, 10 জানুৱাৰী: পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ পূৰ্বে প্ৰথমটো নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে (Pre Poll violence in Manipur) মণিপুৰত ৷ সোমবাৰে মণিপুৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, পশ্চিম ইম্ফল জিলাত সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক এই হিংসাত্মক ঘটনা ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই জিলাখনৰ দুগৰাকীকৈ লোকক গুলীয়াই হত্যা কৰে (Two killed in the pre poll violence in Manipur) ৷
আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি, দেওবাৰে নিশা জিলাখনৰ ৱাংগোই অঞ্চলত এই ঘটনা সংঘটিত হৈছিল ৷ আবুজাম জন (৫৭) আৰু আবুজাম টম্বা (৩৭) নামৰ ব্যক্তি দুগৰাকীয়ে নিশা পথৰ দাঁতিত ৰৈ কথা পাতি থকা অৱস্থাত দুৰ্বৃত্তই গুলীচালনা কৰে ৷ এই ঘটনা মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলৰ পৰা মাত্ৰ 30 কিল’মিটাৰৰ দূৰত্বত অৱস্থিত ৱাংগোইত সংঘটিত হয় ৷
দুৰ্বৃত্তৰ গুলীত আহত জন নামৰ ব্যক্তিগৰাকী বিজেপি কৰ্মী হোৱাৰ বিপৰীতে টম্বা আছিল আৰক্ষীৰ এগৰাকী কমাণ্ডো ৷ আহত দুয়োগৰাকী ব্যক্তিকে ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুবৰণ কৰে জনে ৷ ইয়াৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় টম্বাই ৷