অসম

assam

By

Published : Jan 17, 2023, 12:53 PM IST

ETV Bharat / bharat

CISF suicide: ২৪ ঘণ্টাৰ ভিতৰত ২ গৰাকী CISF জোৱানৰ আত্মহত্যা

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী চিআইএছএফ জোৱানৰ আত্মহত্যাক লৈ উত্তেজনা (CISF jawan suicide)। মৃত জোৱান কেইজন কনিষ্টবল চিন্তামণি আৰু উপ-পৰিদৰ্শক বিকাশ সিং । ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ।

CISF suicide
২৪ ঘণ্টাৰ ভিতৰত ২ গৰাকী CISF জোৱানৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১৭ জানুৱাৰী :অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাত চাঞ্চল্যকৰ ঘটনা । জিলাখনৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত (SHAR) দুগৰাকীকৈ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চিআইএছএফৰ দুগৰাকীকৈ জোৱানৰ আত্মহত্যা (2 CISF jawan suicide at Sriharikota)। চিআইএছএফৰ দুগৰাকীকৈ জোৱানে ২৪ ঘণ্টাৰ ভিতৰত আত্মহত্যা কৰাক লৈ তীব্ৰ উত্তেজনাৰো সৃষ্টি হৈছে । দেওবাৰে নিশা প্ৰথমে এগৰাকী জোৱানে গছত চিপ লৈ আত্মহত্যা কৰে । তাৰ পাছত সোমবাৰে নিশা, আন এগৰাকী জোৱানে গুলীয়াই আত্মহত্যা কৰে ।

মৃত জোৱান কেইজনক চট্টীশগড়ৰ মহাস্মান্দ জিলাৰ শংকৰ গাঁৱৰ ২৯ বছৰীয়া কনিষ্টবল চিন্তামণি আৰু উপ-পৰিদৰ্শক বিকাশ সিং বুলি জানিব পৰা গৈছে । জানিব পৰা মতে চট্টীশগড়ৰ চিন্তামণি ২০২১ চনত চিআইএছএফত যোগদান কৰিছিল । প্ৰশিক্ষণৰ অন্তত, তেওঁ শ্ৰীহৰিকোটাৰ গ্ৰুপটোত যোগদান কৰে । তেওঁ অলপতে এমাহৰ বাবে দীঘলীয়া ছুটীত গৈছিল আৰু এই মাহৰ ১০ তাৰিখে উভতি আহি চাকৰিত যোগদান কৰিছিল (Sriharikota CISF suicide case)।

সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পিচিএমচি ৰাডাৰ-১ এলেকাত দেওবাৰে বিয়লি ১ বজাৰ শ্বিফ্টত যোগদান কৰিছিল । সন্ধিয়া ৭.৩০ বজাত ছেটত নিয়ন্ত্ৰণ কক্ষৰ সৈতে তেওঁ কথাও পাতিছিল আৰু কোনো ঘটনা হোৱা নাই বুলিও জনাইছিল । কিন্তু জৰুৰীকালীন সুৰক্ষা বাহিনী গ্ৰুপে তহল দিয়াৰ সময়তে নিশা প্ৰায় ৮.৩০ মান বজাত চিন্তামণিৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে । প্ৰাৰম্ভিক তদন্তত জানিব পৰা মতে পাৰিবাৰিক সমস্যাৰ বাবে জোৱানগৰাকীয়ে আত্মহত্যা কৰিছে ।

এই ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে সোমবাৰে নিশা সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ প্ৰথম গেটৰ নিয়ন্ত্ৰণ কক্ষত চি-শ্বিফ্ট অৰ্থাৎ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ কৰ্তব্যৰত উপ-পৰিদৰ্শক বিকাশ সিঙে নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে (CISF SI committed suicide)। গুলীৰ শব্দ শুনি সহকৰ্মীসকল উক্ত স্থানলৈ দৌৰি আহে আৰু ৩০ বছৰীয়া বিকাশ সিঙক তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত সহকৰ্মীসকলে সিঙক উদ্ধাৰ কৰে ।

জানিব পৰা মতে বিকাশ সিঙৰ ঘৰ উত্তৰ প্ৰদেশত আৰু তেওঁ পত্নী আৰু তিনিটা সন্তানক এৰি থৈ গৈছে । ইফালে সমগ্ৰ ঘটনাক লৈ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । দুয়োগৰাকী জোৱান কিহৰ বাবে এই চৰম পথ বাছি ল'লে তাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Pongal festival in TN: জল্লিকাট্টুৰ বিজয়ীয়ে উপহাৰ হিচাপে লাভ কৰিলে গাড়ী

ABOUT THE AUTHOR

...view details