অসম

assam

By

Published : Jun 7, 2021, 11:33 AM IST

ETV Bharat / bharat

ওড়িশা-পশ্চিমবংগৰ ঘূৰ্ণী বিধ্বস্ত অঞ্চলত কেন্দ্ৰীয় দল

তিনিদিনীয়া ভ্ৰমণসূচীৰে ওড়িশা আৰু পশ্চিমবংগত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ দুটাকৈ পৰিদৰ্শনকাৰী দল ৷ ৰাজ্য দুখনৰ ঘূৰ্ণী বতাহ(CYCLONE)ত বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব দল দুটাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(NARENDRA MODI)য়ে দুয়োখন ৰাজ্যৰ বাবে মুঠ ১,০০০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল ।

Two Inter Ministerial Central Teams will visit cyclone hit areas in West Bengal and Odisha
ঘূৰ্ণীবতাহত বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে

নেশ্যনেল ডেস্ক,৭ জুন: সোমবাৰে ওড়িশা আৰু পশ্চিমবংগত ঘূৰ্ণী বতাহ(CYCLONE)ত বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব দুটা আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে । পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ দীঘা, মান্দাৰমণি আদিত ঘূৰ্ণী বতাহ য়াছে(YAAS) ক্ষতিগ্ৰস্ত কৰা অঞ্চল দলটোৱে পৰিদৰ্শন কৰি এক প্ৰতিবেদন যুগুত কৰিব ।

গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব এছ কে শ্বাহীৰ নেতৃত্বত যোৱা দলটোৱে ৯ জুনৰ ভিতৰত কাম সম্পূৰ্ণ কৰি দিল্লীলৈ উভতি যোৱাৰ সম্ভাৱনা আছে । ইফালে, দলটোত থকা সদস্যসকলে ৰাজ্যিক বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দলটোৱে পশ্চিমবংগত ঘূৰ্ণী বতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ পিছত দেওবাৰে সন্ধিয়া কলকাতাত উপস্থিত হয় ।

উল্লেখ্য যে, যোৱা ২৬ মে'ত ঘূৰ্ণী বতাহ য়াছে(YAAS) ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰিছিল । আনহাতে, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুনীল কুমাৰ বৰ্ণৱাল(Sunil Kumar Barnwal)ৰ নেতৃত্বত যোৱা আন এটা দলে ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে । এই দলটোত আছে ওড়িশাৰ ৪ গৰাকী বিষয়া ।

দলটোৱে সোমবাৰে আৰু মঙলবাৰে বালাচোৰ, ভদ্ৰক, কেন্দ্ৰপদ আৰু ময়ূৰভঞ্জ জিলাৰ ঘূৰ্ণী বতাহত বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ কথা আছে । কেন্দ্ৰীয় দলটোৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলক দুটা উপ-দলত বিভক্ত কৰা হ'ব আৰু প্ৰতিটো গোটে সোমবাৰে আৰু মঙলবাৰে দুখনকৈ জিলা ভ্ৰমণ কৰিব ।

নতুন দিল্লীলৈ ৰাওনা হোৱাৰ আগতে দলৰ সদস্যসকলে মুখ্য সচিব এছ চি মহাপাত্ৰ আৰু বিশেষ সাহায্য আয়ুক্ত(Special Relief Commissioner) পি কে জেনাৰ সৈতে বৈঠকত মিলিত হ'ব ।

উল্লেখ্য যে, ঘূৰ্ণীবতাহে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ মে'ত ৰাজ্যখনৰ বাবে ৫০০ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় দলে শীঘ্ৰেই ৰাজ্যখন ভ্ৰমণ কৰিব বুলি মন্তব্য কৰিছিল । ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যখনত ৬১০ কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে । ইয়াৰ ভিতৰত ৫২০ কোটি টকাৰ চৰকাৰী আন্তঃগাঁথনিৰ লোকচান আৰু বাকী ৯০ কোটি টকাৰ ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন হয় ।

লগতে পঢ়ক: নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

ABOUT THE AUTHOR

...view details