অসম

assam

By

Published : Jan 22, 2022, 2:14 PM IST

ETV Bharat / bharat

Mumbai fire : মুম্বাইৰ আৱাসিক ভৱনত ভয়াৱহ অগ্নিকাণ্ড

শনিবাৰে পুৱা মধ্য মুম্বাইৰ টাৰদেও অঞ্চলৰ এটা আৱাসিক ভৱনৰ ১৮ মহলাত জুই লগাৰ ফলত কমেও সাতজন লোকৰ মৃত্যু হয় আৰু আন কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Fire breaks out in Tardeo area of central Mumbai)। সবিশেষ জানো আহক ৷

Two injured after a fire breaks out at 20-storeyed building in Mumbai
Mumbai fire : মুম্বাইৰ আৱাসিক ভৱনত ভয়াৱহ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : শনিবাৰে পুৱা চেণ্ট্ৰেল মুম্বাইৰ টাৰদেও অঞ্চলৰ (Tardeo area of central Mumbai) এটা আৱাসিক ভৱনৰ ১৮ নং মহলাত জুই লগাৰ ফলত কমেও সাতজন লোকৰ মৃত্যু হয় (Fire breaks out at a building in Mumbai) ৷

ইয়াৰোপৰি ১৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অট্টালিকাটো মুম্বাইৰ ভাটিয়া চিকিৎসালয়ৰ ওচৰত অৱস্থিত (Bhatia hospital fire) । জুই নুমুৱাবলৈ মুঠ ১৩ টা অগ্নিনিৰ্বাপক ইঞ্জিন ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল ।

বৃহৎ মুম্বাই পৌৰ নিগমৰ (বিএমচি) বিষয়াসকলৰ মতে, গোৱালিয়া টেংকৰ গান্ধী চিকিৎসালয়ৰ বিপৰীতে অৱস্থিত কমলা ভৱনত পুৱা প্ৰায় ৭ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । ঘটনাৰ তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী আৰু আৰক্ষী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছিল ।

তেৰটা অগ্নি নিৰ্বাপক ইঞ্জিন, সাতটা পানীৰ জেটি এই অগ্নি নিৰ্বাপণ অভিযানত ব্যৱহাৰ কৰা হয় বুলিও বিএমচিৰ এজন বিষয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Kaliabar Road accident: কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details