অসম

assam

ETV Bharat / bharat

Two IAF fighter jet planes crash: মধ্যপ্ৰদেশত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত - ভাৰতীয় বায়ু সেনাৰ বিমান

মধ্যপ্ৰদেশৰ মৰেনা অঞ্চলত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত (Two IAF fighter jet planes crash in Madhya Pradesh) ভাৰতীয় বায়ুসেনাৰ দুখনকৈ যুদ্ধ বিমান শনিবাৰে দুৰ্ঘটনাগ্ৰস্থ ৷ যুদ্ধ বিমান দুখন হ’ল ক্ৰমে সুখোই-৩০ আৰু এখন মিৰাজ ২০০০ ৷

Two IAF fighter jet planes crash in Madhya Pradesh
মধ্যপ্ৰদেশত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

By

Published : Jan 28, 2023, 12:39 PM IST

Updated : Jan 28, 2023, 1:48 PM IST

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : শনিবাৰে পুৱা মধ্যপ্ৰদেশৰ মৰেনা অঞ্চলত সংঘটিত হয় ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান (Two IAF fighter jet planes crash in Madhya Pradesh) ৷ মৰেনাত বিমান দুখনৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে বুলি সূত্ৰত উল্লেখ ৷ বিমান দুখন ক্ৰমে - সুখোই-৩০ আৰু এখন মিৰাজ ২০০০ বুলি জানিবলৈ পৰা গৈছে । এক টুইটযোগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় , "মৰেনাৰ কৈলাৰাছৰ সমীপত বায়ুসেনাৰ সুখোই-৩০ আৰু মিৰাজ-২০০০ বিমান দুখনৰ দুৰ্ঘটনাটো দুখজনক। মই স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছো যে বায়ুসেনাৰ সৈতে দ্ৰুত উদ্ধাৰ আৰু সাহায্যৰ কামত সহযোগিতা আগবঢ়াওক । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে পাইলট গৰাকী বিপদমুক্ত অৱস্থাত উদ্ধাৰ হয় ’’ ৷

প্ৰাথমিক খবৰ অনুসৰি, মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল যুদ্ধ বিমান দুখনে । অনুশীলনৰত অৱস্থাতে বিমান দুখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি প্ৰতিৰক্ষা সূত্ৰৰ তৰফৰ পৰা জানিবলৈ পৰা গৈছে ৷ মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি অনুসন্ধান আৰু উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে । দুৰ্ঘটনাটোত হতাহতিৰ সংখ্যা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ ।

‘ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙক ভাৰতীয় বায়ুসেনাৰ দুখন বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়ে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে অৱগত কৰে । ৰক্ষা মন্ত্ৰীয়ে ভাৰতীয় বায়ু সেনাৰ পাইলটসকলৰ অৱস্থিতিৰ বিষয়ে সোধা-পোছা কৰে আৰু ইয়াৰ পৰিঘটনাসমূহ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।’- প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই এইদৰে জানিবলৈ দিয়ে । সূত্ৰই লগতে কয় যে সিঙে চি ডি এছ জেনেৰেল অনিল চৌহান আৰু আই এ এফৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বাল ভি আৰ চৌধাৰীৰ সৈতে যোগাযোগ কৰিছিল আৰু ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে চেষ্টা চলাই আছে।

মৰেনাৰ কৈলাৰাছৰ সমীপত বায়ুসেনাৰ সুখোই-৩০ আৰু মিৰাজ-২০০০ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰটো অতি দুখজনক । ক্ষিপ্ৰ উদ্ধাৰ আৰু সাহায্যৰ কামত বায়ুসেনাৰ সৈতে সহযোগিতা কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছো । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে বিমানৰ পাইলট সকল সুৰক্ষিত অৱস্থাত উদ্ধাৰ হয় ’- মন্ত্ৰণালয়ৰ সূত্ৰই জানিবলৈ দিয়ে এই কথা ৷

ভাৰতীয় বায়ু সেনাৰ তদন্তত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব বায়ুৰ সৈতে সংঘৰ্ষৰ ফলত নে আন কোনো কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ছু-৩০ যুদ্ধ বিমানখনত ২ জন পাইলট থকাৰ বিপৰীতে মিৰাজ ২০০০ত এজন পাইলট আছিল বুলি সূত্ৰই জানিবলৈ দিয়ে । প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ২ জন পাইলট নিৰাপদে উদ্ধাৰ হোৱাৰ বিপৰীতে ভাৰতীয় বায়ু সেনাৰ উদ্বাৰকাৰী দলে ৩য় পাইলটজনৰ সন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Assam Electoral Roll 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰকাশ পালে জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা

Last Updated : Jan 28, 2023, 1:48 PM IST

ABOUT THE AUTHOR

...view details