অসম

assam

By

Published : Jun 9, 2022, 10:50 PM IST

ETV Bharat / bharat

দুই কোটি টকাৰ গাঞ্জাসহ ত্ৰিপুৰাত আটক দুজন

ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ ৷ এখন ট্ৰাকৰ পৰা জব্দ হৈছে গাঞ্জাখিনি ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 2 কোটি টকা ৷

Cannabis seized in Tripura
Cannabis seized in Tripura

আগৰতলা, 9 জুন: ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জসহ এখন ট্ৰাক (Cannabis seized in Tripura)৷ বুধবাৰে নিশা তেলিয়ামূৰা এলেকাত যান-বাহন আৰক্ষীয়ে এটা চেকপোষ্টত তালাচী চলাই থকা অৱস্থাত PB 11B N 5655 নম্বৰৰ ট্ৰাকখনত উদ্ধাৰ কৰে গাঞ্জাখিনি ৷

আৰক্ষী সূত্ৰই জনোৱা মতে, ট্ৰাকখনত কিছুমান ভগা-ছিগা সামগ্ৰী আছিল যদিও অধিক তালাচীত ওলাই পৰে গাঞ্জাখিনি ৷ 167 টা পেকেটত মুঠ 2177 কেজি গাঞ্জা জব্দ কৰা হৈছে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 2 কোটি টকা ৷

আৰক্ষীয়ে এই গাঞ্জাখিনিৰ সৈতে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক (Two held with cannabis)৷ দুয়োৱে পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চালক-হেণ্ডিমেন দুটা ক্ৰমে ৰাকেশ কুমাৰ আৰু সন্তোস পণ্ডিত ৷ দুয়োকে জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :Lucknow murder case: PUB-G খেলিবলৈ নিদিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কিশোৰৰ

ABOUT THE AUTHOR

...view details