নেশ্যনেল ডেস্ক,২৬ মে' :আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তৎপৰতা, সমৰ্থনৰ অভাৱ আদি কাৰণত পূৰ্বতকৈ দেশত মাওবাদীৰ সক্ৰিয়তা হ্ৰাস হোৱা দেখা গৈছে । শেহতীয়াকৈ বিহাৰত এটা দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে (Maoist leader found dead in Bihar)। এইবাৰ মহাৰাষ্ট্ৰত মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
বুধবাৰে মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে দুগৰাকী দুৰ্ধৰ্ষ মাওবাদী কেদাৰে (hardcore Naxals surrender before Maharashtra police)। জানিব পৰা মতে মাওবাদী দুগৰাকীৰ বিৰুদ্ধে হত্যা, অগ্নিসংযোগ আৰু কেইবাটাও আক্ৰমণৰ অভিযোগ আছে । যাৰ বাবে মাওবাদী দুগৰাকী বিৰুদ্ধে আৰক্ষীয়ে মুঠ ১২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰি থৈছিল ।
মাওবাদী দুগৰাকী ক্ৰমে ৬৩ বছৰীয়া ৰামসিং ওৰফে সীতাৰাম বাক্কা আতৰাম আৰু ৩৪ বছৰীয়া মাধুৰী ওৰফে ভুৰী ওৰফে সুমন ৰাজু মাট্টামী বুলি জানিব পৰা গৈছে ৷ দুয়োটা মাওবাদীয়ে গড়চিৰোলীৰ বাসিন্দা ৷
মাট্টামীক ২০০২ চনত কাচানচুৰ স্থানীয় সংগঠন স্কোৱাডৰ (LOS) সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ২০১৩ চনৰ পৰা ২০২২ লৈ পাৰমিলি এলঅ'এছৰ সদস্য হিচাপে কাম কৰিছিল । মাট্টামীৰ বিৰুদ্ধে চাৰিটা হত্যাকাণ্ড, ২১ টা এনকাউণ্টাৰ, ৭ টা অগ্নিসংযোগৰ ঘটনা আৰু ৫ টা আন গোচৰ ৰুজু হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে ৩৭ টা অপৰাধজনিত গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ৷ আৰক্ষীয়ে জনোৱা মতে, মাট্টামীয়ে জ্যেষ্ঠ মাওবাদীৰ দ্বাৰা বৈষম্যৰ সন্মুখীন হোৱাৰ ফলতে আত্মসমৰ্পণ কৰিছে ৷