অসম

assam

ETV Bharat / bharat

ৱাংখেড়ে ষ্টেডিয়ামৰ দুজন গ্ৰাউণ্ডছমেন ক’ভিড-19 আক্ৰান্ত - আই পি এল

10 এপ্ৰিলত ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ছিজনটোৰ প্ৰথমখন আইপিএল খেল ৷ ষ্টেডিয়ামটোৰ গ্ৰাউণ্ড ষ্টাফৰ দুজন সদস্য আৰু এজন মিস্ত্ৰী ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷

Two ground staff members test positive for COVID-19 at Wankhede
ৱানখেড়ে ষ্টেডিয়ামৰ দুজন গ্ৰাউণ্ডছমেন ক’ভিড-19 আক্ৰান্ত

By

Published : Apr 6, 2021, 8:37 PM IST

স্পৰ্টছ ডেক্স,6 এপ্ৰিল: ৱাংখেড়ে ষ্টেডিয়ামৰ দুজন গ্ৰাউণ্ডছমেন আৰু এজন প্লাম্বাৰ ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ মাত্ৰ এদিন আগতে ষ্টেডিয়ামত 10 খন আইপিএল মেচ আয়োজন কৰাৰ বাবে অনুমতি প্ৰদান কৰা হোৱাৰ পিছতেই এই খবৰ আহিছে ।

9 এপ্ৰিলত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত চেন্নাইত আৰম্ভ হ’ব চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচ ৷ ৱাংখেড়ে ষ্টেডিয়ামত 10 এপ্ৰিলত ছিজনটোৰ প্ৰথমখন আইপিএল মেছ অনুষ্ঠিত হ’ব ।

মুম্বাই ক্ৰিকেট এছ’চিয়েছনৰ এক সূত্ৰই কয় যে, পৰীক্ষাৰ অন্তত ষ্টেডিয়ামটোত তিনিজনৰ দেহত ক’ভিড 19 পজিটিভ পোৱা গৈছে ৷ ইয়াৰ দুজনেই গ্ৰাউণ্ডছমেন ৷ ইয়াৰ পূৰ্বেও, বিগত শনিবাৰে ষ্টেডিয়ামটোৰ 10 জন গ্ৰাউণ্ডছমেনৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি লাভ কৰা গৈছিল ৷ তেওঁলোকৰ সৰহ সংখ্যকেই এতিয়া সুস্থ হৈ উঠিছে ।

সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে চহৰখনত সপ্তাহান্তিক লক ডাউন আৰু নৈশ কাৰফিউ থকা স্বত্বেও মুম্বাইত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে ডেকসমূহ পৰিষ্কাৰ কৰে ৷ চৰকাৰে দলবোৰক নিজ নিজ হোটেলৰ পৰা ৰাতি 8 বজাৰ পিছতহে ষ্টেডিয়ামলৈ যাত্ৰা কৰা আৰু অনুশীলন কৰাৰ অনুমতি দিছিল ৷ উল্লেখ্য যে, মঙলবাৰে মহাৰাষ্ট্ৰত 47,000 ৰো অধিক ক’ভিড-19 ৰ ঘটনা পোহৰলৈ আহে ৷ যাৰ ভিতৰত কেৱল মুম্বাইতে 9000 ৰো অধিক লোক সংক্ৰমিত হৈছে ।

লগতে পঢ়ক:ক'ভিড-১৯ কলৈ সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ নগাঁও স্বাস্থ্য বিভাগৰ

ABOUT THE AUTHOR

...view details