নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ :তামিলনাডুত সমগ্ৰ চিকিৎসক সমাজত লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । চেন্নাইৰ দুগৰাকী চিকিৎসকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । ৰাজীৱ গান্ধী গৱৰ্ণমেন্ট জেনেৰেল হাস্পতালৰ (RGGGH) দুয়োগৰাকী চিকিৎসকক ১৮ নৱেম্বৰত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । এগৰাকী চিকিৎসকৰ বিৰুদ্ধে সহকৰ্মীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে আনহাতে আনগৰাকীৰ বিৰুদ্ধেও যৌন উৎপীড়নৰ অভিযোগ উঠিছে ।
মহামাৰী কৰ'ণাৰ (Corona) সময়ত কৰ্তব্যৰত চিকিৎসকসকলক কোৱাৰেণ্টাইনত ৰখাৰ সময়ত যোৱা আগষ্ট মাহত সংঘটিত হৈছে এই দুয়োটা পৃথক ঘটনা । এই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ উত্তজেনাই বিৰাজ কৰিছে চেন্নাই চহৰত । অভিযুক্ত চিকিৎসক দুগৰাকীৰ এজন হৈছে এছ.ভেট্ৰিচেলভান আৰু আনজন এন.মোহনৰাজ ।
আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকক আগষ্টত মহিলা সহকৰ্মীৰ সৈতে ক'ভিড প্ৰট'কলৰ (Covid Protocol) অংশ হিচাপে টি.নগৰৰ চিকিৎসালয়ত ৰখা হৈছিল । সেই সময়ত, এছ.ভেট্ৰিচেলভানে এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰিছিল । একেদৰে, মোহনৰাজ নামৰ আনগৰাকী চিকিৎসকে আন এগৰাকী মহিলা চিকিৎসকক যৌন নিৰ্যাতন চলাইছিল ।