অসম

assam

ETV Bharat / bharat

মথুৰাৰ বাঙ্কে বিহাৰী মন্দিৰত পদপিষ্ট হৈ ভক্তৰ মৃত্যু - মথুৰাৰ বাঙ্কে বিহাৰী মন্দিৰত পদপিষ্ট হৈ ভক্তৰ মৃত্যু

উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বাঙ্কে বিহাৰী মন্দিৰত অঘটন । জন্মাষ্টমী উপলক্ষে হোৱা ভক্তৰ সমাৱেশত শ্বাস প্ৰশ্বাস বন্ধ হৈ দুগৰাকী ভক্তৰ মৃত্যু (Two devotees die during stampede at Banke Bihari temple)। আন ৪ ভক্ত আহত হয় ।

Banke Bihari temple
মথুৰাৰ বাঙ্কে বিহাৰী মন্দিৰত পদপিষ্ট হৈ ভক্তৰ মৃত্যু

By

Published : Aug 20, 2022, 10:53 AM IST

নেশ্যনেল ডেস্ক,২০ আগষ্ট :উত্তৰ প্ৰদেশৰ মথুৰাস্থিত বাঙ্কে বিহাৰী মন্দিৰত শোকাৱহ ঘটনা । জন্মাষ্টমীৰ আনন্দ উল্লাহৰ মাজতে দুগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু (Devotees died during Janmashtami at Banke Bihari temple)। জন্মাষ্টমী উপলক্ষে মাজনিশা মন্দিৰত যথেষ্ট ভক্তৰ ভিৰ হয় ।

মন্দিৰৰ পৰম্পৰা অনুসৰি পূজা অৰ্চনা আৰু পদযাত্ৰাৰ বাবে যথেষ্ট লোক সমবেত হয় মন্দিৰত । আনকি ভক্তসকলৰ মাজত হেতা ওপৰা লাগে । তাৰ মাজতে পদপিষ্ট হৈ দুগৰাকীকৈ ভক্তৰ মৃত্যু হয় (Two devotees die during stampede)। মৃত্যু হোৱা ভক্ত দুগৰাকীৰ এজন পৰুষ আৰু এগৰাকী মহিলা । আৰক্ষীয়ে জনোৱা মতে ঘটনাত আন চাৰিজন ভক্তও আঘাতপ্ৰাপ্ত হয় ।

জানিব পৰা মতে জন্মাষ্টমীৰ আৰতি চাবলৈ ভক্তসকলৰ বিশাল পদযাত্ৰাৰ সময়ত পদপিষ্ট হোৱাৰ ফলত শ্বাসৰুদ্ধ অৱস্থাত ভক্ত দুগৰাকীৰ মৃত্যু হয় । অৱশ্যে মৃতকৰ আত্মীয়সকলে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীক হস্তান্তৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে ঘৰলৈ লৈ গৈছে । ইফালে মন্দিৰত ভক্তসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :ডাৱৰ বিস্ফোৰণৰ ফলত ডেৰাডুনত হাহাকাৰ

ABOUT THE AUTHOR

...view details