নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ: মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিজেপি(BJP) আৰু আৰ এছ এছ(RSS)ৰ সমন্বয় বৈঠক অনুষ্ঠিত হ'ব । সোমবাৰে এক সূত্ৰই জানিবলৈ দিয়া মতে, এই বৈঠক দিল্লীত অনুষ্ঠিত হ'ব । বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক(সাংগঠনিক) বি এল সন্তোষ, কেইবাগৰাকীও দলীয় বিষয়ববীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব ।
লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকিব । শিক্ষা, সংস্কৃতি আৰু অৰ্থনীতি আদি বিভিন্ন খণ্ডৰে জড়িত আৰ এছ এছৰ অধীনৰ সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব বৈঠকত । চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব আৰ এছ এছ আৰু বিজেপিৰ নেতৃবৰ্গই ।