অনন্তনাগ,29 মাৰ্চ: জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) বাংকাৰত দেওবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেণেড বিস্ফোৰণ ঘটায় ৷ সন্ধিয়া প্ৰায় ৭.১০ বজাত এই বিস্ফোৰণ সংঘটিত হয় ৷ এক বিবৃতি অনুসৰি, ঘটনাৰ বিষয়ে অনন্তনাগ আৰক্ষীয়ে খবৰ পাই মুখ্য চ’ক সংগম অঞ্চলত উপস্থিত হৈছিল ৷ প্ৰাথমিক অনুসন্ধানত গম পোৱা গৈছে যে, সন্ত্ৰাসবাদীসকলে ৯৬ বিএনচি আৰ পি এফৰ বাংকাৰৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰিছিল ৷
জম্মু-কাশ্মীৰত গ্ৰেণেড বিস্ফোৰণ
জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) বাংকাৰত দেওবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেণেড বিস্ফোৰণ ৷ এই ঘটনাত দুজন জোৱান আহত ৷
জম্মু-কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণ
এই ঘটনাত দুজন জোৱান আহত হয় ৷ আহত জোৱান দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অঞ্চলটো ঘেৰাও কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশত বিজেপি কৰ্মীৰ মৃতদেহ উদ্ধাৰ