নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: দেশজুৰি পালন কৰা হ’ল গণেশ পূজা ৷ গণেশ পূজাৰ মূৰ্তি বিসৰ্জনৰ আনন্দ উল্লাসৰ মাজতেই এইবাৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ উত্তৰ প্ৰদেশৰ ঝান্সীত গণেশ পূজাৰ মূৰ্তি বিসৰ্জন কৰিবলৈ গৈ দুই শিশু নিখোজ হৈ আছে (Two children drown in Betwa river )৷
শুকুৰবাৰে বিয়লি ঝান্সীৰ বেটৱা নদীত মূৰ্তি বিসৰ্জন কৰিবলৈ যথেষ্ট সংখ্যক লোকৰ সমাগত ঘটে ৷ খুশিপুৰা এলেকাৰ শিক্ষক কলনীৰ লোকসকলেও এই বিসৰ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ লোকসকলে পৰম্পৰাগত ৰীতি নীতি অনুসৰি মূৰ্তি বিসৰ্জন কৰিবলৈ নদীত নামোতেই প্ৰৱল সোঁতে উটুৱাই লৈ যায় 5 টাকৈ শিশুক (Two children drown in Ganesh idol immersion) ৷ লগে লগে বিসৰ্জনস্থলীত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷