নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী :দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৷ দেশৰ কেবাখনো জিলালৈ ইতিমধ্যে বিয়পিছে ক’ভিড-১৯ ৰ চাব-ভেৰিয়েণ্ট JN১ ভাইৰাছ ৷ শেহতীয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে ওড়িশাত JN১ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে দুজনকৈ লোক ৷ ওড়িশাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা ANI ক সদৰী কৰে এই তথ্য ৷
জ্যেষ্ঠ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সুন্দৰগড় আৰু ভূৱনেশ্বৰৰ দুজন লোকৰ দেহত ধৰা পৰিছে JN১ ৰ উপস্থিতি ৷ অৱশ্যে এজন ৰোগী কিছু সুস্থ হৈ উঠিছে যদিও আনজন ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । স্বাস্থ্য সেৱা সঞ্চালক বিজয় কুমাৰ মহপাত্ৰই কয় উল্লেখ কৰা অনুসৰি, JN১ ত আক্ৰান্ত ওড়িশাৰ দুজন লোকৰ ভিতৰত এজন ৰোগীৰ কেৰালা ভ্ৰমণৰ ইতিহাস আছে । অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই ৷ এই সন্দৰ্ভত সকলো দিশ চালি জাৰি চাই থকা হৈছে বুলি তেওঁ ANI ৰ আগত উল্লেখ কৰে ৷