আগৰতলা, 3 আগষ্ট : দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ মাত্ৰ দুসপ্তাহ আগতে, দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত থকা দুজন সৈনিকে ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিছে । বিএছএফ(BSF)ৰ এক প্ৰেছ বিবৃতিত জনোৱা অনুসৰি, সন্দেহযুক্ত এনএলএফটি(NLFT) উগ্ৰপন্থী আৰু কৰ্তব্যৰত অৱস্থাত থকা বিএছএফ জোৱানসকলৰ মাজত গুলীয়াগুলি(gun fight)ৰ এক ঘটনা সংঘটিত হয় । এই গুলীচালনাৰ সময়ত এজন উপ-পৰিদৰ্শকসহ দুজন বিএছএফৰ জোৱান শ্বহীদ হয় ।
ত্ৰিপুৰাৰ ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিলে দুজন বিএছএফ জোৱানে - bsf
13:20 August 03
দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত থকা দুজন সৈনিকে ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিছে । সন্দেহযুক্ত এনএলএফটি(NLFT) উগ্ৰপন্থী আৰু কৰ্তব্যৰত অৱস্থাত থকা বিএছএফ জোৱানসকলৰ মাজত হোৱা এই গুলীচালনাৰ সময়ত এজন উপ-পৰিদৰ্শকসহ বিএছএফৰ এজন জোৱান শ্বহীদ হয় ।
প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে, পুৱা প্ৰায় ৬:৩০ বজাত এই ঘটনা সংঘটিত হৈছিল ৷ চাওমানু আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চলৰ বিঅ'পি আৰ চি নাথৰ (৬৪ তম বেটেলিয়ন)(BOP RC Nath) পানী সাগৰ এলেকাত বিএছএফৰ টহলদাৰী দল আৰু উগ্ৰপন্থীৰ এটা দলৰ মাজত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা ৷ শ্বহীদ জোৱান দুজন উপ-পৰিদৰ্শক ভুৰু সিং আৰু কনিষ্টবল ৰাজ কুমাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ।
ঘটনাস্থলীত পৰি থকা তেজৰ চাপ প্ৰত্যক্ষ কৰি উগ্ৰপন্থী দলটোৰো বহুকেইজন আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইফালে, দুয়োজন শ্বহীদে আঘাতপ্ৰাপ্ত হোৱাৰ পূৰ্বে সাহসিকতাৰে যুঁজ দি আত্ম বলিদান দিয়া বুলি জানিবলৈ দিছে বিএছএফৰ এক শীৰ্ষ সূত্ৰই । ইতিমধ্যে উগ্ৰপন্থীৰ দলটোক কৰায়ত্ব কৰিবলৈ অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে ।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে ৷ তেওঁ কয় যে, এনেধৰণৰ কাপুৰুষালি কৌশল সহ্য কৰা নহ'ব । এই ঘটনা সন্দৰ্ভত তেওঁ ইতিমধ্য তেওঁৰ টুইটত নিজৰ মত পোষণ কৰিছে । ইফালে, এই আক্ৰমণৰ পিছত নিহত সৈনিক দুয়োজনৰ অস্ত্ৰ সমূহ হস্তগত কৰি আৰু উগ্ৰপন্থীৰ দলটোৱে পলায়ন কৰিছিল ৷
লগতে পঢ়ক : অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং