নেশ্যনেল ডেস্ক, 20 মাৰ্চ :শনিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠৰ ন্যায়াধীশক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ এই তিনিজনীয়া বিশেষ বিচাৰপীঠখনে কিছুদিন পূৰ্বে শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধাৰ সন্দৰ্ভত অনুমতি বিচাৰি কৰা আবেদনসমূহ খাৰিজ কৰি (Hijab controversy in India) ৰায়দান কৰিছিল ।
দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ (Death threats to judges over Hijab verdict) কৰা উক্ত ন্যায়াধীশসকলৰ ভিতৰত আছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু খাজি জয়বুন্নেছা মহিয়ুদ্দিন ৷ ঘটনা সন্দৰ্ভত কৰ্ণাটক আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা লোক দুজন (Two arrested for threatening judges) হৈছে ক্ৰমে- কোভাই ৰাহামাথুল্লা আৰু এছ জামাল মহম্মদ ওচমানি ৷ দুয়োগৰাকীকে আৰক্ষীয়ে তিৰুনেলভেলি আৰু থাঞ্জাভুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্তসকল তামিলনাডু তোহিদ জামাত (TNTJ) ৰ কাৰ্যালয়ৰ বিষয়া ।
কৰ্ণাটক আৰু তামিলনাডুত অভিযুক্ত দুগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা একাধিক অভিযোগৰ পিছত গ্ৰেপ্তাৰ কৰা হয় । এই সন্দৰ্ভত আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ।
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থি, ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিত আৰু খাজী জয়বুন্নেছা মহিউদ্দিনক লৈ গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে এই ৰায়দান কৰাৰ পিছতে কৰ্ণাটক আৰু তামিলনাডুৰ কেইবাটাও সংগঠনে এই ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেৱল এয়াই নহয়, ন্যায়াধীশ তিনিগৰাকীয়ে লাভ কৰে মৃত্যুৰ ভাবুকি ৷