নিউজ ডেস্ক, ৪ ডিচেম্বৰ:উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অযোধ্যাৰ ৰাম মন্দিৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া অভিযোগত বুধবাৰে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে লক্ষ্ণৌৰ গোমতি নগৰৰ বিভূতি খণ্ড অঞ্চলৰ পৰা দুই অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে । "নৱেম্বৰ মাহত এক্স’ত পোষ্ট কৰি দুই অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, এছটিএফৰ মুৰব্বী অমিতাভ যশ আৰু অযোধ্যাৰ ৰাম মন্দিৰক ভাবুকি দিছিল" । চৰকাৰী বিবৃতিত উল্লেখ কৰা হয় ৷
আৰক্ষীৰ তদন্তত প্ৰথমে ভাবুকিৰ পোষ্ট প্ৰেৰণৰ বাবে alamansarikhan608@gmail.com আৰু zubairkhanisi199@gmail.com ইমেইল আইডি ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে । ইমেইল আইডিসমূহৰ কাৰিকৰী বিশ্লেষণৰ অন্তত দেখা গ’ল যে তাহাৰ সিঙে ইমেইল একাউণ্টসমূহ সৃষ্টি কৰিছিল আৰু ওমপ্ৰকাশ মিশ্ৰই ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিল ।
অভিযুক্ত তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰ গোণ্ডাৰ বাসিন্দা আৰু তেওঁলোক দেৱেন্দ্ৰ তিৱাৰীৰ পেৰামেডিকেল ইনষ্টিটিউটত কাম কৰে । তাহাৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰক এছ টি এফে চলোৱা জেৰাত ভাৰতীয় কিষাণ মঞ্চ তথা ভাৰতীয় গো সেৱা পৰিষদৰ সভাপতি দেৱেন্দ্ৰ তিৱাৰীয়ে এই ষড়যন্ত্ৰ ৰচনা কৰাৰ কথা জানিব পৰা হৈছে । নিৰাপত্তা লাভ কৰি ডাঙৰ নেতা হ’বলৈ তেওঁ নিজৰ কৰ্মচাৰীৰ জৰিয়তে এই ভাবুকিপূৰ্ণ ইমেইল কৰিছিল ।