নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : ১৩ ডিচেম্বৰৰ মাজনিশা এখন অটোত যাত্ৰা কৰি থকা অৱস্থাত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে মোহালি আৰক্ষীয়ে (Mohali Police arrested two rape accused) । ঘটনাটো সংঘটিত হৈছিল পঞ্জাবৰ মোহালিৰ খাৰাৰ আৰক্ষী থানাৰ সীমাত । এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰা ভুক্তভোগী মহিলাগৰাকী চান্দিঘৰৰ পৰা কুৰালী অভিমুখে গৈ আছিল (attempted rape in moving auto) ।
ঘটনা সন্দৰ্ভত খাৰাৰৰ ডিএছপি ৰূপিন্দৰ কৌৰ ছোহীয়ে কয়, "১৩ ডিচেম্বৰৰ মাজনিশা এগৰাকী ২৬ বছৰীয়া মহিলাই মোহালি পৰ্যায়-৬ৰ পৰা এখন অ'টো ভাড়াত লৈছিল । উক্ত অ'টোখনত ইতিমধ্যে চালকৰ উপৰি আন এজন পুৰুষ যাত্ৰী আছিল । তেওঁলোকে যাত্ৰা কৰাৰ অলপ সময়ৰ পিছতে মানুহজনে মহিলাগৰাকীক যৌন উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ধৰ্ষণৰো চেষ্টা কৰে (Two arrested for attempted rape in moving auto)। অৱশ্যে মহিলাগৰাকীয়ে সাহসেৰে যুঁজ দি নিজকে বচাবলৈ চেষ্টা কৰে । তেওঁ ৰায়ত-বাহৰা বিশ্ববিদ্যালয়ৰ ওচৰত অ'টোৰ পৰা বাহিৰলৈ জঁপিয়াই নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ।"