নেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : জঘন্য...অমানৱীয়... ৷ সততে পোহৰলৈ অহা বিভিন্ন অপৰাধজনিত ঘটনাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক জঘন্য কাণ্ড ৷ এইবাৰ ঘটনাৰ স্থান উত্তৰাখণ্ড ৷ উত্তৰাখণ্ডৰ কালাধুংগী থানাৰ অন্তৰ্গত কোটাবাগত সংঘটিত হৈছে এক ন্যক্কাৰজনক ঘটনা ৷
এইবাৰ কোটাবাগত এটা 42 বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী আঢ়ৈ বছৰীয়া কণমানি (Rape case at Kaladhungi) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বৰ্তমান আৰক্ষীয়ে লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে (Rape accused arrested at Kaladhungi)৷
তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কন্যা শিশুটি :আৰক্ষীয়ে সদৰী কৰা মতে, প্ৰথমাৱস্থাত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় আঢ়ৈ বছৰীয়া কন্যা শিশুটি । তাৰ পাচতে কোটাবাগ উপ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় শিশুটিক ৷
এই উপ স্বাস্থ্য কেন্দ্ৰতে প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসকে ভুক্তভোগী কন্যা শিশুটিক উন্নত চিকিৎসাৰ বাবে সুশীলা তিৱাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমানো সুশিলা তিৱাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কন্যা শিশুটি। চিকিৎসকে উল্লেখ কৰা মতে, বৰ্তমানো সংকট মুক্ত নহয় ভুক্তভোগী কন্যা শিশুটি ।