অসম

assam

ETV Bharat / bharat

@POTUS একাউন্টৰ পৰা ট্ৰাম্পৰ টুইট আঁতৰালে টুইটাৰে - বিষয়বস্তুৰ সুক্ষ্ম নিৰীক্ষণ

@realDonaldTrump টুইটাৰে বন্ধ কৰি দিয়াৰ পাচত @POTUS ৰ পৰা ট্ৰাম্পৰ টুইট ৷ এক মিনিটৰ ভিতৰতে টুইট আঁতৰালে মাইক্ৰ’ব্লগিং চাইটটোৱে ৷

@POTUS একাউন্টৰ পৰা ট্ৰাম্পৰ টুইট আঁতৰালে টুইটাৰে
@POTUS একাউন্টৰ পৰা ট্ৰাম্পৰ টুইট আঁতৰালে টুইটাৰে

By

Published : Jan 9, 2021, 2:30 PM IST

ইন্টাৰ নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প টুইটাৰ একাউন্ট স্থায়ীভাৱে বন্ধ কৰি দিয়া হ’ল ৷ বুধবাৰে ট্ৰাম্প সমৰ্থকসকলে মাৰ্কিন কেপিট’লত কৰা আক্ৰমণৰ ঘটনাৰ পিছতে ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তিৰ আশংকা কৰিয়েই শুকুৰবাৰে মাইক্ৰ’ব্লগিং চাইটটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

"@realDonaldTrumpৰ টুইটসমূহ আৰু ইয়াৰ বিষয়বস্তুৰ সুক্ষ্ম নিৰীক্ষণৰ পাছত এই পোষ্টসমূহে টুইটাৰৰ ভিতৰত আৰু বাহিৰত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য কৰিয়েই ভৱিষ্যতে এই ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ একাউন্টটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷"-এক বিবৃতিত এনেদৰে কয় টুইটাৰে ৷

ইয়াৰ পাচতে ট্ৰাম্পে চৰকাৰী টুইটাৰ একাউন্ট @POTUS (President of the United States) ৰ দ্বাৰা এক বাৰ্তা প্ৰেৰণ কৰে আৰু উল্লেখ কৰে যে, টুইটাৰ একাউন্ট বন্ধ কৰিলেও আমি মনে মনে বহি নাথাকো ৷

মাইক্ৰ’ব্লগিং চাইটটোৱে জনোৱা মতে @POTUS একাউন্টটো বন্ধ কৰা নহয় যদিও ইয়াক সম্পূৰ্ণ নিৰীক্ষণত ৰখা হ’ব ৷ ট্ৰাম্পে টুইট কৰাৰ পাচতেই টুইটটো একাউন্টটোৰ পৰা আঁতৰাই দিয়া হয় ৷ টুইটাৰে লগতে স্পষ্ট কৰি দিয়ে যে, ইয়াৰ নীতি আৰু এই নীতিসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত ই স্বচ্ছ হৈ থাকিব ৷

লগতে পঢ়ক :টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পৰ একাউন্ট

ABOUT THE AUTHOR

...view details