নিউজ ডেস্ক, ৫ অক্টোবৰ: বিশ্বজুৰি ফেচবুক(Facebook), হোৱাটছ এপ(Whatsapp), ইনষ্টাগ্ৰাম(Instagram) ব্যৱহাৰকাৰী থমকি ৰ'বলগীয়া হয় কেইটামান ঘণ্টাৰ বাবে । এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিবলৈ অথবা বাৰ্তা লাভ কৰাত অসুবিধা আহি পৰে । ফলত ব্যৱহাৰকাৰীসকলে কিছু সমস্যাৰ সন্মুখীন হয় । এই সময়খিনি ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰামৰ বাবে ভাল সময় নাছিল যদিও চিগনেল(Signal), টুইটাৰ(Twitter) আৰু টেলিগ্ৰামৰ বাবে এয়া এক সুযোগ আছিল ।
প্লেটফৰ্মকেইটাই ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰামক সমালোচনা কৰে । লগতে এই সময়ৰ সুযোগ গ্ৰহণ কৰি মানুহক চিগনেল, টুইটাৰ আৰু টেলিগ্ৰাম ব্যৱহাৰ কৰিবলৈও আহ্বান জনায় । মঙলবাৰে ডিজিটেল মেচেঞ্জাৰ এপ চিগনেলে জনায় যে, লাখ লাখ নতুন ব্যৱহাৰকাৰী এপটোৰ সৈতে জড়িত হৈছে ।
চিগনেলে জনোৱা মতে, তেওঁলোকৰ মেচেজিং আৰু কলিং আব্যাহত আছে ।
একাংশ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ সম্পূৰ্ণ কন্টেক্ট লিষ্ট চিগনেলত দেখা পোৱা নাই । এই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলিও চিগনেলে টুইটটোত উল্লেখ কৰে । সোমবাৰে আন এটা টুইটত চিগনেলে উল্লেখ কৰিছিল যে, চিগনেলত ছাইন আপ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁলোকে সকলোকে আদৰণি জনায় ।