নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল :ক'ভিড-১৯ টিকাকৰণ সম্পৰ্কীয় ক্ষতিকাৰক, মিছা বা বিভ্ৰান্তিকৰ তথ্য দিয়া আগবঢ়োৱা টুইটসমূহ আঁতৰাই দিয়া হ'ব । মাইক্ৰ'ব্লগিং ছাইটৰ পৰা ভাৰতৰ ক'ভিড-১৯ সঁহাৰি সন্দৰ্ভত কেইবাটাও টুইট আঁতৰোৱাৰ পিচতে দেওবাৰে এই ঘোষণা কৰে টুইটাৰৰ এগৰাকী মুখপাত্ৰই ।
মাইক্ৰ'ব্লগিং ৱেবছাইটৰ আপডেট কৰা ব্লগ অনুসৰি, সতৰ্কবাণীৰ লেবেলবোৰ নিজে নিৰ্বাচন কৰি থোৱা ভাষাত প্ৰদৰ্শিত হ'ব । ইয়াৰ লক্ষ্য হৈছে ৰাইজক ক'ভিড-১৯ সন্দৰ্ভত প্ৰকৃত তথ্য প্ৰদান কৰা ।
নাগৰিক অখণ্ডতা নীতিৰ শেহতীয়া আপডেটৰ দৰেই ষ্ট্ৰাইক সন্দৰ্ভতো বিশেষ নিৰ্দেশনা দিয়া হৈছে । ষ্ট্ৰাইকৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি ক'ভিড-১৯ নীতিৰ বাৰে বাৰে উলংঘন কৰিলে একাউণ্টৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা লোৱা হ'ব । এটা ষ্ট্ৰাইকত একাউণ্টৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নহয় । কিন্তু দুটা আৰু তিনিটা ষ্ট্ৰাইকত ১২ ঘণ্টাৰ বাবে একাউণ্ট লক কৰিব পাৰে । চাৰিটা ষ্ট্ৰাইকত এসপ্তাহৰ বাবে একাউণ্ট লক হ'ব পাৰে । যদি ৫ টা বা তাতোধিক ষ্ট্ৰাইক হয় তেনেহ'লে সেই ব্যক্তিগৰাকীৰ একাউণ্ট চিৰদিনৰ বাবে বন্ধ কৰা হ'ব ।