নেশ্যনেল ডেস্ক, ২৫ জুন :শেহতীয়াকৈ সামাজিক মাধ্যমৰ শীৰ্ষ প্ৰতিষ্ঠান টুইটাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে ভাৰত চৰকাৰ । ভাৰত চৰকাৰে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা নতুন নিয়মাৱলী অনুসৰণ নকৰাৰ বাবে তদন্তৰ সন্মুখীনো হৈছে টুইটাৰ (Twitter) কৰ্তৃপক্ষ । আনকি বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে চৰকাৰে কেইবাবাৰো সকীয়নি প্ৰদান কৰিছে টুইটাৰক ।
কিন্তু অতি ৰহস্যজনকভাৱে এইবোৰ বিতৰ্কৰ মাজতে খোদকেন্দ্ৰীয় আইন আৰু ন্যায়, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ একাউণ্ট বন্ধ কৰি ৰাখিলে টুইটাৰে । প্ৰায় এঘণ্টাৰ বাবে টুইটাৰে বন্ধ কৰি ৰাখিলে মন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজিটেল মিলেনিয়াম কপিৰাইট আইন (DMCA)ৰ উলংঘন কৰাৰ অভিযোগত মন্ত্ৰীগৰাকীৰ একাউণ্ট বন্ধ কৰি ৰাখে বুলি উল্লেখ কৰে টুইটাৰে ।
অৱশ্যে, পৰৱৰ্তী সময়ত তেওঁৰ একাউণ্ট পুনৰুদ্ধাৰ (restored) কৰা হয় ।
ইফালে টুইটাৰৰ এনে কাৰ্যকলাপত ক্ষোভিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । মন্ত্ৰীগৰাকীৰ মতে তথ্য প্ৰযুক্তিৰ নিয়ম ৪ (৮) (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ ৰ ঘোৰ উলংঘন কৰিছে টুইটাৰে । কিয়নো একাউণ্ট বন্ধ কৰাৰ পূৰ্বে টুইটাৰে কোনো ধৰণৰ আগতীয়া জাননী প্ৰদান কৰা নাছিল । ইফালে টুইটাৰ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত নতুন তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ ক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক অব্যাহত আছে ।
কেন্দ্ৰীয় মন্ত্ৰী (IT Minister) ৰবি শকৰ প্ৰসাদে টুইটাৰক বাৰে বাৰে ভাৰত চৰকাৰৰ নিয়ম অনুসৰণ কৰিবলৈ আহ্বান জনাই আহিছে । প্ৰতিক্ৰিয়া স্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে বাক স্বাধীনতাৰ ক্ষেত্ৰত তেওঁলোকে কোনো আগজাননী নিদিয়ে কিন্তু তেওঁলোকৰ মতে যদি আপুনি নচলে তেনেহ'লে আপোনাক টুইটাৰ মঞ্চৰ পৰা আঁতৰাই দিয়ে । ইয়াৰ পিছতে তেওঁ অন্তিম টুইটত সকীয়নি প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিকোনো মঞ্চই নহওক কিয় তেওঁলোকে নতুন তথ্য প্ৰযুক্তি নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলিব লাগিব আৰু ইয়াত কোনো আপোচ কৰা নহ'ব ।
লগতে পঢ়ক:ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ