নেশ্যনেল ডেস্ক, ১৫ জুন: নতুন তথ্য-প্ৰযুক্তি বিধিক লৈ কেন্দ্ৰৰ সৈতে মতানৈক্য হোৱাৰ পিছতে টুইটাৰ (Twitter)লৈ চমন জাৰি কৰিছে তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় কমিটী (Parliamentary committee)য়ে । ১৮ জুনৰ আবেলি ৪ বজাত সংসদ ভৱনত পেনেলৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে সংসদীয় কমিটীয়ে ।
লগতে সামাজিক মাধ্যম আৰু অনলাইন বাতৰিৰ অপব্যৱহাৰ কৰা কাৰ্য কেনেদৰে বন্ধ কৰিব পাৰি তাৰ বিষয়েও বিস্তৃত ব্যাখ্যা দাঙি ধৰিবলৈ নিৰ্দেশ দিছে । সংসদীয় পেনেলৰ আলোচ্য সূচীত উল্লেখ থকা মতে, নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ডিজিটেল মাধ্যমত মহিলা সুৰক্ষাৰ সন্দৰ্ভত অনলাইন সংবাদ মাধ্যমৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰা বিষয়ত টুইটাৰৰ প্ৰতিনিধিয়ে মতামত আগবঢ়াব ।
শেহতীয়াকৈ কেন্দ্ৰই নতুন তথ্য-প্ৰযুক্তি নিয়ম মানি চলিবলৈ টুইটাৰলৈ চূড়ান্ত জাননী জাৰি কৰিছিল । বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ চাইবাৰ আইন গোটৰ সমন্বয়ক ৰাকেশ মহেশ্বৰীয়ে টুইটাৰলৈ লিখা এখন পত্ৰত উল্লেখ কৰে যে, মন্ত্ৰালয়ৰ পৰা বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰা স্বত্বেও টুইটাৰে পৰ্যাপ্ত স্পষ্টীকৰণ প্ৰদান নকৰা পৰিলক্ষিত হৈছে ।
ইফালে, নতুন তথ্য প্ৰযুক্তি নিয়ম সন্দৰ্ভত বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰা আৰু যোগাযোগ কৰাৰ পিছত টুইটাৰে নতুন নিয়মসমূহ পালন কৰিব বুলি টুইটাৰৰ মুখপাত্ৰই আশ্বাস দিছে । লগতে ভাৰত চৰকাৰৰ সৈতে গঠনমূলক আলোচনা অব্যাহত থাকিব বুলিও টুইটাৰৰ মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক:বছৰৰ শেষৰ ফালে আমেৰিকা ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ