অসম

assam

ETV Bharat / bharat

অমিত শ্বাহৰ টুইটাৰ একাউন্ট সন্দৰ্ভত ছচিয়েল মিডিয়া প্ৰতিনিধিৰ স্পষ্টীকৰণ - সংসদীয় স্থায়ী সমিতিৰ আই টিৰ মুখ্য কংগ্ৰেছ সাংসদ শশী থাৰুৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত

শুকুৰবাৰে সংসদীয় সমিতিৰে বৈঠকত ছচিয়েল মিডিয়া টুইটাৰ আৰু ফেচবুকৰ প্ৰতিনিধিসকলৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ একাউন্ট সাময়িকভাৱে বন্ধ ৰখা সন্দৰ্ভত স্পষ্টীকৰণ ।

অমিত শ্বাহৰ টুইটাৰ একাউন্ট সন্দৰ্ভত ছচিয়েল মিডিয়া প্ৰতিনিধিৰ স্পষ্টীকৰণ
অমিত শ্বাহৰ টুইটাৰ একাউন্ট সন্দৰ্ভত ছচিয়েল মিডিয়া প্ৰতিনিধিৰ স্পষ্টীকৰণ

By

Published : Jan 22, 2021, 4:01 PM IST

নিউজ ডেস্ক, ২২ জানুৱাৰী: দেশজুৰি ছচিয়েল মিডিয়া ব্যৱহাৰৰ গোপনীয়তা সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে শুকুৰবাৰে সংসদীয় সমিতিৰে বৈঠকত মিলিত হয় ছচিয়েল মিডিয়া টুইটাৰ আৰু ফেচবুকৰ প্ৰতিনিধিসকলে । এই বৈঠকত নাগৰিকৰ অধিকাৰ, মহিলা সুৰক্ষা, সামাজিক মাধ্যমৰ অপব্যৱহাৰ আৰু গোপনীয়তা সুৰক্ষা আদি সন্দৰ্ভত আলোচনা কৰা হয় । সংসদীয় স্থায়ী সমিতিৰ আই টিৰ প্ৰমুখ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।

আজিৰ এই বৈঠকতে সংসদৰ সদস্য বিশেষকৈ বিজেপি সাংসদসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইটাৰ একাউন্টৰ সন্দৰ্ভত আলোচনা কৰে । এইখিনিতে উল্লেখ কৰা ভাল যে, যোৱা নৱেম্বৰ মাহৰ পৰাই শ্বাহৰ টুইটাৰ একাউন্ট সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে । ইফালে ড'নাল্ড ট্ৰাম্পৰ একাউন্ট বন্ধ ৰখাক লৈও ভাৰততো এই নীতি ব্যৱহাৰ কৰা হ'ব নে নাই সেই সন্দৰ্ভতো আলোচনা কৰে ।

সূত্ৰ অনুসৰি, শ্বাহে টুইটাৰত কৰা এটা পোষ্টত কপি ৰাইট সমস্যাৰ বাবে অস্থায়ীভাৱে বন্ধ কৰি ৰখা হৈছে বুলি জনায় টুইটাৰ প্ৰতিনিধিয়ে ।

ইয়াৰোপৰি হোৱাটছ এপৰ নতুন নীতিয়ে কিদৰে ব্যৱহাৰকাৰীসকলৰ ওপৰত প্ৰভাৱ পেলাব সেই সন্দৰ্ভতো আলোচনা কৰা হয় । ফেচবুক সূত্ৰই জনোৱা অনুসৰি, এই নীতি ২০১৬ চনৰ পৰাই প্ৰয়োগ কৰা হৈছে । এইটো এটা পুৰণি নীতি । ইতিমধ্যে এই সম্পৰ্কে ফেচবুকে স্পষ্ট হৈছে বুলি জনায় ।

ইফালে বিৰোধী পক্ষৰ প্ৰশ্ন যে একাংশই ওচটনিমূলক মন্তব্য আগবঢ়াই ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি আহিছে । সেই সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয় । এনেধৰণৰ পোষ্টে বিভ্ৰান্তিৰ সৃষ্টি কৰে । ইয়াৰ বাবে ভাৰতত এখন আইন প্ৰণয়ন কৰিব লাগে বুলি মন্তব্য কৰে বিৰোধী পক্ষই ।

বৈঠকৰ অন্তত হোৱাটছ এপৰ এগৰাকী মুখপাত্ৰই তেওঁলোকৰ মন্তব্য প্ৰকাশৰ সুযোগ দিয়াৰ বাবে সংসদীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনতো সমিতিক সহায় কৰি যাব বুলি আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক:বাৰানসীৰ COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details