অসম

assam

ETV Bharat / bharat

Anurag Thakur on Twitter Ex CEO Claim : টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহীক মিছলীয়া আখ্যা অনুৰাগ ঠাকুৰৰ

অনুৰাগ ঠাকুৰে উল্লেখ কৰে যে 'টুইটাৰ ফাইল'বোৰে প্ৰকাশ কৰিছে যে কেনেকৈ সামাজিক মঞ্চৰ অপব্যৱহাৰ কৰা হৈছে । কিন্তু জেক ডৰ্ছিয়ে ইয়াৰ সঁহাৰি দিয়াত ব্যৰ্থ হৈছে ।

Anurag Thakur on Twitter Ex CEO Claim
Anurag Thakur on Twitter Ex CEO Claim

By

Published : Jun 13, 2023, 5:45 PM IST

নিউজ ডেস্ক, ১৩ জুন :কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে টুইটাৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্ছিৰ এই দাবী নাকচ কৰিছে যে ভাৰত চৰকাৰে কৃষকসকলৰ প্ৰতিবাদক প্ৰকাশ কৰা একাউণ্ট বন্ধ কৰিবলৈ মঞ্চখনক হেঁচা প্ৰয়োগ কৰিছিল । লগতে তেওঁ ইয়াক তেওঁলোকৰ নিজৰ অপকৰ্ম ঢাকি ৰখাৰ লক্ষ্যৰে কোৱা গোকাট মিছা বুলিও উল্লেখ কৰে ।

ঠাকুৰে কয় যে 'টুইটাৰ ফাইল'বোৰে প্ৰকাশ কৰিছে যে সামাজিক মাধ্যমৰ মঞ্চখন কিমান পক্ষপাতদুষ্ট আছিল আৰু ইয়াক কেনেদৰে অপব্যৱহাৰ কৰা হৈছিল । কিন্তু ডৰ্ছিয়ে এতিয়ালৈকে ইয়াৰ কোনো উত্তৰ প্ৰদান কৰিব পৰা নাই । কিয়নো তেওঁৰ মিছা উন্মোচিত হৈছে বুলিও তেওঁ লগতে কয় ।

"যি কোৱা হৈছিল সেয়া সম্পূৰ্ণ মিছা, মিছা আৰু মিছা । এইটো এটা গোকাট মিছা কথা । এনেকুৱা লাগিছে যে জেক ডৰ্ছিয়ে বহু বছৰৰ পিছত টোপনিৰ পৰা সাৰ পাইছে আৰু এতিয়া তেওঁৰ অপকৰ্মবোৰ ঢাকিব বিচাৰিছে ।" অনুৰাগ ঠাকুৰে কয় । আনহাতে, 'টুইটাৰ ফাইল'ৰ বিষয়ে উল্লেখ কৰি ঠাকুৰে কয় যে ই প্ৰকাশ কৰিছে যে কেনেকৈ মাইক্ৰ'ব্লগিং ছাইটটোৰ অপব্যৱহাৰ কৰা হৈছিল আৰু সেয়া পক্ষপাতদুষ্ট আছিল । তেওঁ কয় যে যেতিয়া টুইটাৰ আন এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল, তেতিয়া 'টুইটাৰ ফাইল'ত প্ৰকাশ পাইছিল যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ কেনেদৰে অপব্যৱহাৰ কৰা হৈছিল আৰু পক্ষপাতদুষ্ট আছিল । 'টুইটাৰ ফাইল'ত সকলোবোৰ পোহৰলৈ আহিছে । তেওঁ কয়, "জেক ডৰ্ছিয়ে আজিলৈকে ইয়াৰ উত্তৰ দিব পৰা নাই, কিয়নো তেওঁৰ মিছা উন্মোচিত হৈছে ।"

"নিৰ্বাচন ওচৰ চাপি আহিলে কেইবাটাও বিদেশী শক্তি সাৰ পায় আৰু ভাৰতত তেওঁলোকৰ এজেণ্ট আৰু সহযোগীসকলে মিছা প্ৰচাৰ কৰি সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰে । অতীজত বহুবাৰ এনে ধৰণৰ প্ৰচেষ্টা উন্মোচিত হৈছিল । ভাৰতত গণতন্ত্ৰ শক্তিশালী আৰু আমাৰ নেতাসকল দেশক আগুৱাই নিয়াৰ বাবে যথেষ্ট সক্ষম । ভাৰতক অস্থিৰ কৰাৰ প্ৰচেষ্টা কেতিয়াও সফল নহ'ব ।" অনুৰাগ ঠাকুৰে লগতে কয় ।

তদুপৰি, ঠাকুৰে কয় যে তথ্য-প্ৰযুক্তিৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ইতিমধ্যে দেশৰ সন্মুখত বিষয়টো পৰিষ্কাৰ কৰিবলৈ বিষয়টোৰ ওপৰত বিতংকৈ স্পষ্টীকৰণ দিছে । উল্লেখ্য, টুইটাৰৰ জৰিয়তে চন্দ্ৰশেখৰে কৈছিল যে ডৰ্ছিৰ বক্তব্যটো এটা সম্পূৰ্ণ মিছা কথা আৰু কাকো কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হোৱা নাছিল বা টুইটাৰো বন্ধ কৰা হোৱা নাছিল । "ডৰ্ছিৰ টুইটাৰ শাসনত ভাৰতীয় আইনৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰাত সমস্যা হৈছিল ।" তেওঁ টুইট কৰে ।

লগতে পঢ়ক :Cyclone Biparjoy : গিৰ সোমনাথৰ ৬ টাকৈ ঘৰ ভাঙিলে ঘূৰ্ণীবতাহ বিপৰ্যয়ে

ABOUT THE AUTHOR

...view details