নেশ্যনেল ডেস্ক, 1 জুলাই:ইলন মাস্ক পৰিচালিত টুইটাৰে 26 এপ্ৰিলৰ পৰা 25 মে’ৰ ভিতৰত ভাৰতত অভিলেখ সংখ্যক টুইটাৰ একাউণ্ট নিষিদ্ধ কৰিছে ৷ ইয়াৰে বেছিভাগ একাউণ্ট যৌন নিৰ্যাতন সম্পৰ্কীয় তথ্য আৰু অশ্লীল ফটো-ভিডিঅ’ প্ৰচাৰ কৰাৰ বাবে নিষিদ্ধ কৰা হৈছে ৷ তথ্য অনুসৰি 11,32,228 এটা একাউণ্ট নিষিদ্ধ কৰিছে টুইটাৰে ৷ আনহাতে 1,843 টা একাউণ্ট সন্ত্ৰাসবাদমূলক কাৰ্যকলাপ প্ৰচাৰ কৰাৰ বাবে নিষিদ্ধ কৰা হৈছে ৷
টুইটাৰ ভাৰতৰ প্ৰতিবেদন অনুসৰি মুঠ 11,34,071 টা একাউণ্ট নিষিদ্ধ কৰা হৈছে ৷ টুইটাৰে নতুন তথ্য প্ৰযুক্তি নিয়ম, 2021 অনুসৰি যুগতোৱা প্ৰতিবেদনত কোৱা হয় যে বিভিন্ন সময়ত বিভিন্ন লোকৰ পৰা বহুতো একাউণ্টৰ বিৰুদ্ধে অভিযোগ লাভ কৰা হৈছিল ৷
টুইটাৰ ভাৰতে লগতে কয় যে বেছিভাগ অভিযোগ আছিল উৎপীড়ন, ঘৃণনীয় আচৰণ , সংবেদনশীল প্ৰাপ্তবয়স্ক সমল (Sensitive Adult content), আৰু মানহানিৰ । নতুন তথ্য প্ৰযুক্তি নিয়ম 2021-ৰ অধীনত, 5 নিযুতৰো অধিক ব্যৱহাৰকাৰীৰ থকা ডিজিটেল আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মে মাহিলী তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব ৷ এই নিৰ্দেশনা অনুসৰি শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে টুইটাৰ কৰ্তৃপক্ষই ৷